তিতাবৰত ৰেচন কাৰ্ড বিতৰণ মন্ত্ৰী অজন্তা নেওগৰ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 3:59 PM IST

thumbnail

তিতাবৰ, ১৭ জানুৱাৰী : তিতাবৰত বুধবাৰে ৭২৪০ গৰাকী হিতাধিকাৰীক ৰেচন কাৰ্ড বিতৰণৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে । অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিতাবৰৰ বোকাহোলা চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগে তিতাবৰৰ এটা পঞ্চায়তৰ কেইবাগৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰে ।  

এই ৰেচন কাৰ্ড বিতৰণ অনুষ্ঠান মুকলি কৰি মন্ত্ৰী অজন্তা নেওগে কয় যে ৰেচন কাৰ্ডৰ জৰিয়তে হিতাধিকাৰীসকলে চিকিৎসাৰ বাবে লাভ কৰিব পাঁচ লাখ টকা । প্ৰধানমন্ত্ৰীৰ বীমা যোজনাৰ পৰা লাভ কৰিব দুই লাখ টকা আৰু উজ্বলা আঁচনিৰ জৰিয়তে লাভ কৰিব বিনামূলীয়া গেছ ছিলিণ্ডাৰ । কাৰ্ড বিতৰণ অনুষ্ঠানত সাংসদ তপন গগৈ, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত, বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতা,ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰী আদি উপস্থিত থাকে ।

লগতে পঢ়ক:কলগাছিয়াত শিল্পী দিৱস উদযাপন, কাইলৈ জ্যোতি-বিষ্ণু-নজৰুল সন্দৰ্ভত আলোচনাচক্ৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.