Crime in Golaghat: নুমলীগড়ত কিশোৰী ধৰ্ষণৰ দুই অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : Jan 31, 2023, 6:14 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গোলাঘাট, ৩১ জানুৱাৰী: গোলাঘাট জিলাৰ নুমলীগড়ত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দুই লম্পটে ধৰ্ষণ কৰি অন্তঃসত্ত্বা কৰাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে (Rape in Numaligarh) । ঘটনাটো পোহৰলৈ অহাত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে নুমলীগড় আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । পিছত আৰক্ষীয়ে তৎকালীনভাৱে কিশোৰীগৰাকীৰ ভাষ্যৰ ভিত্তিত অভিযান চলাই দুই লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । 

ধৃত অভিযুক্ত দুটা হৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ  ১নং ৰংবঙৰ 42 বছৰীয়া গুলজাৰীলাল গুপ্তা আৰু মাধৱপুৰৰ 24 বছৰীয়া  জিন্টু গোৱালা (Rape accused arrested at Numaligarh in Golaghat) ।  

ধৃত অভিযুক্ত দুটাৰ এটাই উল্লেখ কৰে যে কেইমাহমান পূৰ্বে ১৬ বছৰীয়া কিশোৰীক  ধৰ্ষণ কৰিছিল । এই কথাটো ৰাজহুৱা নকৰিবলৈ চেষ্টা চলাইছিল । অভিযুক্ত দুটা যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইন (POCSO) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োটাকে জেল হাজোতলৈ প্ৰেৰণ কৰিছে । এই ঘটনাক লৈ সমগ্ৰ নুমলীগড়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । 

দেশত অতি সম্প্ৰতি নাৰীজনিত অপৰাধৰ লগতে নাৰীৰ বিৰুদ্ধে সংঘটিত  হোৱা হিংসা, নির্যাতনৰ ঘটনাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে ৷ সম্প্ৰতি ভাৰতৰ বিভিন্ন ঠাইত  নিতৌ মহিলাৰ মৰ্যাদা হানিৰ উপৰি তেওঁলোকৰ অধিকাৰসমূহ নিয়মীয়াকৈ খৰ্ব হৈছে ৷ নেশ্যনেল ক্ৰাইম ৰেকর্ড ব্যুৰ’ (National Crime Record Bureau), চমুকৈ এন চি আৰ বিৰ তথ্যত প্ৰকাশ পাইছে এই ভয়াবহ ছবিখন । 

এন চি আৰ বিৰ তথ্য় মতে, বিগত  এটা দশকৰ ভিতৰতে দেশত সংঘটিত নাৰীজনিত অপৰাধৰ সংখ্যা দুগুণতকৈয়ো অধিক বৃদ্ধি পাইছে ৷ চৰকাৰে এনে ঘটনা প্ৰতিৰোধৰ বাবে ব্য়ৱস্থা গ্ৰহণ কৰিছে যদিও অপৰাধৰ সংখ্যা হ্ৰাস পোৱা নাই । এয়া সকলোৰে বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে । 

লগতে পঢ়ক:Increase in human trafficking on trains: ৰে’লৱে এলেকাত বিগত বৰ্ষত উদ্ধাৰ বহুকেইগৰাকী মহিলা আৰু শিশু
 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.