বিজনীৰ পাণবাৰীত পুষণা উৎসৱ উদযাপন

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 8:19 AM IST

thumbnail

চিৰাং, 18 জানুৱাৰী : চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত পাণবাৰীৰ বাল্লিমাৰীত মঙলবাৰে দেশী জনগোষ্ঠীয় মঞ্চ আৰু দেশী জনগোষ্ঠীয় যুৱ ছাত্র মঞ্চৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে পুষণা উৎসৱ উদযাপন কৰা হয় । সংগঠন দুটাৰ পাণবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত পুষণা উৎসৱত জনগোষ্ঠীটোৰ কালক্ৰমত হেৰাই যাবলৈ ধৰা কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ আদিক ঘূৰাই অনাৰ উদ্দেশ্যে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে । বাল্লিমাৰী বিবি মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত অনুষ্ঠিত পুষণা উৎসৱৰ লগত সংগতি ৰাখি এখন মুকলি সভাৰো আয়োজন কৰে।

দেশী জনগোষ্ঠীৰ সাহিত্য সভাৰ চিৰাং জিলা সমিতিৰ সভাপতি আয়ুব আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত দেশী জনগোষ্ঠীয় মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক চহিদুল ইছলাম উপস্থিত আছিল ৷ দেশী জনগোষ্ঠীৰ উন্নয়ন পৰিষদ গঠন আৰু জনগোষ্ঠীটোক সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ইছলামে ।


লগতে পঢ়ক : চিৰাঙত মেজি জ্বলাই ভোগালীৰ দোমাহী উদযাপন বিধায়ক জয়ন্ত বসুমতাৰীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.