বিজেপিৰ লগত প্ৰতিদ্বন্দ্বী হ’বই বিচৰা নাই কংগ্ৰেছ : ভূপেন বৰা

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 9:05 PM IST

thumbnail

মঙলদৈ, 18 ডিচেম্বৰ : "আমাক বিজেপিয়ে কৈ আছে যে যুঁজ কংগ্ৰেছৰ লগত নহয় ৷ আমিও বিজেপিক কৈছো যে আমিও বিজেপিৰ লগত নুযুঁজো ৷ যি সকলে পুৰণি পেন্সন নীতি বিচাৰিছে, যি সকল চাহ শ্ৰমিকে মজুৰি বৃদ্ধি হোৱাতো বিচাৰিছে, অংগনৱাড়ী, আশা কৰ্মী সকলে যুঁজিব ৷" ঐতিহাসিক খটৰা সত্ৰত উপস্থিত হৈ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ৷

ভূপেন বৰাই কয় যে, যি সকল বানাক্ৰান্ত ৰাইজে সাহাৰ্য আৰু পুনৰ সংস্থাপনৰ বাবে হাহাকাৰ কৰি আছে, মূল্যবৃদ্ধিৰ যান্ত্ৰণাত যি সকলে ককবকাই আছে, যি সকলৰ ওপৰত বিদ্যুৎ মাচুল 7 বাৰকৈ বঢ়াই দিয়া হ’ল সেই সকল ৰাইজৰ এইখন যুদ্ধ আৰু এইখন যুদ্ধত কংগ্ৰেছ এখন মঞ্চ ৷ কংগ্ৰেছে বিজেপিৰ লগত প্ৰতিদ্বন্দ্বী হ’বই বিচৰা নাই বুলি কয় তেওঁ ৷ প্ৰতিদ্বন্দ্বিতাৰ এক শক্তিশালী মঞ্চ কংগ্ৰেছে তৈয়াৰ কৰিছে বুলি কয় বৰাই ৷  

উল্লেখ্য যে, সোমবাৰে ঐতিহ্যমণ্ডিত খটৰা সত্ৰত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিধায়ক তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং ৷ ছিপাঝাৰ ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা এক বিশাল গণ সমাৱেশত অংশগ্ৰহণ কৰে তিনিওজন নেতাই ৷ লগতে এই সভাত উপস্থিত থাকে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বিধায়ক বসন্ত দাসকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা ৷ 

লগতে পঢ়ক : বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ উদ্যোগত ভাৰত বিকাশ সংকল্প যাত্ৰা কাৰ্যসূচী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.