Public bus services in Jorhat: যোৰহাটত পুনৰ চলিব ৰাজহুৱা বাছ সেৱা

By

Published : Jan 2, 2023, 2:15 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

ইংৰাজী নতুন বৰ্ষৰ দ্বিতীয় দিনটোত যোৰহাটবাসীলৈ এটি সু-খবৰ ৷ পুনৰ যোৰহাটত মুকলি হ’ল ৰাজহুৱা বাছ সেৱা (Public bus services resumed in Jorhat) । মহবন্ধাৰ পৰা যোৰহাটৰ চটাইলৈ চলিব এই বাছ সেৱা । ৰাজহুৱা বাছ সেৱা মুকলি কৰে যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মণে (Jorhat DC) । আজি শুভাৰম্ভ কৰা বাছত টিকট ক্ৰয় কৰি যাত্ৰী হিচাপে আসন শুৱনি কৰে বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, জিলা পৰিবহণ বিষয়াৰ লগতে বিভিন্নজনে । এই বাছসেৱাৰ জৰিয়তে যোৰহাটবাসীয়ে দীৰ্ঘদিনে ভুগি অহা যান-জঁটৰ সমস্যাৰ পৰা অলপ হ'লেও সকাহ পোৱাৰ লগতে গৰম দিনত যাত্ৰীসকলে সুচল পৰিৱহণ ব্যৱস্থা লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে হিতেন্দ্ৰ নাথ গোস্বামী আৰু জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মণে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.