টীয়কত চিপিআই এম এলৰ জনজাগৰণ সভা

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 9:20 PM IST

thumbnail

টীয়ক, ১৯ নৱেম্বৰ: লক্ষ্য ২০২৪ ৰ লোকসভা নিৰ্বাচন । ইতিমধ্যে বিৰোধী কংগ্ৰেছে ৰাজ্যত দিল্লী দখলৰ লক্ষ্য়ৰে গাঁৱে, গাঁৱে, চাঙে, চাঙে আদি কাৰ্যসূচী ৰূপায়ন কৰাৰ সময়তে বিৰোধী মৰ্চা ইণ্ডিয়াক অধিক শক্তিশালী কৰিবলৈ আন আন ৰাজনৈতিক দলসমূহো ব্যস্ত হৈছে । ইয়াৰ মাজতে  'বিজেপি হতাও দেশ বচাও, হিমন্ত হতাও,অসম বচাও 'আদি ধ্বনিৰে দেওবাৰে যোৰহাট জিলাৰ টীয়কৰ কাকজান কৃষ্টি কেন্দ্ৰত চিপিআই এম এলৰ আহ্বানত অনুষ্ঠিত হয় জনজাগৰণ সভা ।

চি পি আই এম এলৰ ৰাজ্যিক সদস্য ৰামেশ্বৰ কলৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত দলটোৰ ৰাজ্যিক সম্পাদক বিবেক দাস,সদস্য জীতেন তাঁতীকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে । উক্ত সভাত ৰাজ্যিক সম্পাদক বিবেক দাসে কয় যে বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি সমূহ আজিৰ তাৰিখত অসাৰ হৈ পৰিছে ।  

দৈনিক অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিকে ধৰি আঁচনিৰ নামত কোটি কোটি টকা ধাৰ কৰি ৰাজ্যখনক ধৰুৱা কৰা আদি বিষয়ত তেওঁ চৰকাৰক সমালোচনা কৰে । ইপিনে, মন্ত্ৰী-বিধায়কে বিলাসী জীৱন কটাই ৰাইজৰ সুখ -দুখ সকলো পাহৰি কেৱল নিজ নিজ সম্পত্তি গঢ়াতহে ব্যস্ত হোৱা বুলি মন্তব্য কৰে সংগঠনটোৰ নেতৃত্বই ।

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি বিৰোধী ঐক্যৰ মূল নিৰ্বাচনী ইছ্যু: লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.