গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 15, 2023, 3:30 PM IST

thumbnail

জনীয়া,১৫ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া ৰাজহচক্ৰ এলেকাৰ মইনবড়ীত বেকী নৈৰ গৰাখহনীয়াই চৰম বিভীষিকাৰ সৃষ্টি কৰিছে । ৰাইজে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে যদিও কোনো গুৰুত্ব লাভ কৰা নাছিল নৈপৰীয়া ৰাইজে । যাৰ বাবে শুকুৰবাৰে স্থানীয় শ-শ ৰাইজে দুঘন্টা মইনবড়ী-তাৰাকান্দি পথ অৱৰোধ কৰি চৰকাৰ তথা প্ৰশাসনক সকিয়াই দিয়ে ।  

শুকুৰবাৰৰ ভিতৰত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে শনিবাৰৰ পৰা হাজাৰ হাজাৰ লোক একত্ৰিত হৈ আমৰণ অনশনত বহিব বুলি চৰকাৰক হুংকাৰ প্ৰদান কৰে । উল্লেখ্য যে খৰালি অহাৰ লগে লগে নৈখনৰ খহনীয়াই কালৰূপ ধাৰণ কৰি চপৰা চপৰে খহাইছে ৰাইজৰ শ শ বিঘা খেতি মাটি । নৈৰ বুকত জাহ গৈছে বিভিন্ন জনৰ ভেটি মাটি । বহিঃজগতৰ লগত যোগাযোগৰ তাৰাকান্দি-মইনবড়ী একমাত্ৰ গড়কাপ্তানী পথচোৱাৰ প্ৰতিও চৰম ভাবুকিৰ সৃষ্টি কৰিছে গৰাখহনীয়াই ।  

লগতে পঢ়ক: বিদ্যুতৰ বিল আহিল ২০৬৫১ টকা; মূৰে কঁপালে হাত দিলে গৰাকীয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.