Protest in Sivasagar : খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দপদপনি নচলিব : শৃংখল চলিহা

By

Published : Dec 10, 2022, 2:29 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

আকৌ প্ৰতিবাদ ৷ এইবাৰ প্ৰতিবদী কণ্ঠত গুঞ্জৰিছে শিৱসাগৰ নগৰৰ প্ৰাণকেন্দ্ৰ স্বৰূপ দ’লমুখ চাৰিআলি ৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইবাৰ বীৰ লাচিত সেনা (Veer Lachit Sena Assam) আৰু অসমীয়া যুৱ মঞ্চৰ (Asomiya Yuva Mancha) যৌথ সহযোগিতাত দ’লমুখ চাৰিআলিৰ অস্থায়ী ব্যৱসায়ীসকলে সাব্যস্ত কৰে প্ৰতিবাদ (Protest in Sivasagar) ৷ উল্লেখ্য যে, বিগত 14 বছৰে প্ৰায় 40 জন শিক্ষিত নিবনুৱাই কষ্টোপাৰ্জনে একোখনকৈ ফাষ্ট ফুডৰ অস্থায়ী দোকান খুলি কোনোমতে নিজ নিজ পৰিয়ালক ভৰণ পোষণ দি আহিছে । কিন্তু এই দোকানসমূহ হস্তান্তৰ কৰিব বিচাৰিছে শিৱসাগৰ পৌৰসভাই ৷ যাৰ বিৰুদ্ধে এতিয়া ক্ষুভিত হৈ পৰিছে অৰ্ধশতাধিক ব্যৱসায়ী ৷ ইফালে এই সমগ্ৰ বিষয়টোৰ মূল অভিযুক্ত 5 নং ৱাৰ্ডৰ ৱাৰ্ড মেম্বাৰ নৱাল কিশোৰ খান্দেলিয়াক জগৰীয়া বুলি অভিহিত কৰে বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাই ৷ তেওঁ কয় যে, অসমত খিলঞ্জীয়াৰ ওপৰত অনা অসমীয়াৰ দপদপনি নচলিব । প্ৰয়োজন হ’লে খান্দেলিয়াক অসম এৰিবলৈ বাধ্য কৰাব ৷ কিন্তু অসমীয়া নিবনুৱাক পেটে মৰাৰ পৰা ৰক্ষা কৰিবলৈ বীৰ লাচিত সেনা অসম আৰু অসমীয়া যুৱ মঞ্চ সদা প্ৰস্তুত থাকিব বুলি উল্লেখ কৰে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.