Protest against constituency delimitation:সমষ্টিৰ পৰা নাম কৰ্তন কৰাক লৈ বিহপুৰীয়াৰ বাঁহগড়াত তীব্ৰ প্ৰতিবাদ

By

Published : Jul 13, 2023, 9:23 PM IST

thumbnail

বিহপুৰীয়া, 13 জুলাই : সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশ পোৱাৰ পিচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভোটাৰ ৰাইজৰ মাজত তীব্ৰ ক্ষোভ অসন্তুষ্টি পৰিলক্ষিত হৈছে । এই খচৰা প্ৰকাশ পোৱাৰ পিছত ১০৯ নং বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ৯ খন গাঁৱৰ নাম ৰহস্যজনক ভাৱে বিহপুৰীয়া আৰু ইয়াৰ নিকটৱৰ্তী কোনো বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত নোহোৱাৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে বৃহস্পতিবাৰে সন্ধিয়া বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঁহগড়া-ধুনাগুৰি গাঁও পঞ্চায়তৰ ১৩ খনকৈ গাঁও বিহপুৰীয়া সমষ্টিৰ পৰা কৰ্তন কৰি নাওবৈচা বিধান সভা সমষ্টিত অন্তৰ্ভুক্ত কৰাক লৈ স্থানীয় ৰাইজে এক জোৰ সমদল বাহিৰ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

যদিহে উক্ত গাঁও কেইখন বিহপুৰীয়া সমষ্টিৰ পৰা আঁতৰি যাব লগা হয় তেন্তে তেওঁলোকে ভোট বৰ্জন কৰিম বুলি চৰকাৰ তথা নিৰ্বাচন আয়োগক সকীয়াই দিয়ে । বাঁহগড়া আঞ্চলিক দেউৰী ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সাব্যস্ত কৰা এই প্ৰতিবাদত প্ৰতিবাদকাৰীসকলে তেজ দিম বিহপুৰীয়া সমষ্টি এৰি নিদিওঁ, নাওবৈচাত আমি অন্তৰ্ভুক্ত নহওঁ, আমাৰ অধিকাৰ আমাৰ প্ৰাপ্য আদি শ্ল’গানেৰে স্বাভাৱিক পৰিৱেশ উত্তাল কৰি তোলে ।

লগতে পঢ়ক : Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল লখিমপুৰৰ ভীমপৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.