পৰেশ বৰুৱা অবিহনে শান্তি চুক্তিক অৰ্থহীন আখ্যা অসমীয়া যুৱ মঞ্চৰ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 9:57 PM IST

Updated : Dec 31, 2023, 10:06 PM IST

thumbnail

মৰাণ, 31 ডিচেম্বৰ : আলফা-চৰকাৰৰ শান্তি চুক্তিৰ বিৰোধিতাৰে চৰাইদেউৰ সাপেখাতীত সংবাদমেল অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ ৷ পৰেশ বৰুৱা অবিহনে এই চুক্তি অৰ্থহীন আখ্যা সংগঠনটোৰ ৷ চুবুৰীয়া ৰাজ্য অৰুণাচলে অসমত আগ্ৰাসন চলোৱাক লৈও ব্যৱস্থা গ্ৰহণৰ দাবী সংগঠনটোৰ ৷  

সংবাদমেল অনুষ্ঠিত কৰি অসমীয়া যুৱ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি যাদৱ গগৈয়ে চৰকাৰ আৰু আলফাৰ মাজৰ শান্তি চুক্তি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই শান্তি চুক্তিৰ বিৰোধিতা কৰে ৷ তেওঁ কয় যে, পৰেশ বৰুৱা অবিহনে এই চুক্তি অৰ্থহীন ৷  

লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলে অসমত আগ্ৰাসন চলোৱা সন্দৰ্ভতো চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৰ সভাপতিগৰাকীয়ে ৷ আনহাতে চৰাইদেউ জিলাত কয়লা ছিণ্ডিকেট চলাৰ গুৰুতৰ অভিযোগ কৰে তেওঁ ৷ কয়লা ছিণ্ডিকেট সন্দৰ্ভতো  চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে তেওঁ ৷ কয়লা ছিণ্ডিকেট সন্দৰ্ভত চৰাইদেউ জিলা প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক : শংকৰদেৱ কলাক্ষেত্ৰত সংযুক্ত মুক্তি বাহিনী‌ অসমৰ সম্বৰ্ধনা অনুষ্ঠান

Last Updated : Dec 31, 2023, 10:06 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.