Rass Leela 2023 : ধেমাজিত শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ প্ৰস্তুতি আৰম্ভ

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 2:03 PM IST

thumbnail

ধেমাজি,২৯ অক্টোবৰ : চৌদিশে এতিয়া উৎসৱৰ বতৰ । শাৰদীয় দুৰ্গোৎসৱ আৰু লক্ষ্মী পূজাৰ পিচতেই আগন্তুক শ্ৰীকৃষ্ণৰ ৰাসক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে ৰাজ্যবাসীয়ে । সত্ৰ, নামঘৰ, নাটঘৰত আৰম্ভ হৈছে শ্ৰীকৃষ্ণৰ ৰাস লীলাৰ উদযাপনৰ প্ৰস্তুতি । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে ধেমাজি জিলাৰ মাছখোৱা ঢিপগুৰি চমুৱা যুৱক সংঘৰ উদ্যোগত আৰু বৰাজান, দেওঘৰীয়া, লাগাছু আৰু নাহৰণি গা্ঁৱৰ সহযোগত অহা ২৬ আৰু ২৭ নৱেম্বৰত ঢিপগুৰি ৰংগমঞ্চত ৰাস উদযাপনৰ বাবে আয়োজন কৰিছে ৷  

সেয়ে দেওবাৰে ঢিপগুৰিত পৰম্পৰা নীতি-নিয়মেৰে লাইখুঁটা স্থাপন কৰা লগতে গাঁওখনৰ নামঘৰত ৰাসৰ আখৰা আৰম্ভ কৰা হয় ৷ এই ৰাসত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা মোহন খ্যাত দীপজ্যোতি কেওঁটে অভিনয় কৰিব বুলি জানিব পৰা গৈছে  ৷ সেয়ে ৰাসপ্ৰেমী ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে ৷

লগতে পঢ়ক: Price hike in Assam; চৰকাৰে চামুচেৰে দি বেলচা মাৰি নিছে, সাধাৰণ জনতা দুখীয়া হৈ গৈছে: লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.