Chhath Puja 2023: টীয়কত ষট পূজাৰ প্ৰস্তুতি

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 1:37 PM IST

thumbnail

টীয়ক,১৬ নৱেম্বৰ: দেওবাৰে অৰ্থাৎ ১৯ নৱেম্বৰত সমগ্ৰ দেশৰ বিহাৰী সম্প্ৰদায়ৰ লোকসকলে উদযাপন কৰিব ষট পূজা । দেওবাৰে সূৰ্য অস্ত আৰু সোমবাৰে পুৱা সূৰ্য উদয়ৰ সময়ত বোৱতী পানীত নামি সূৰ্য দেৱতাক আৰাধনা কৰা হ'ব ষট পূজাত । সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো চলিছে ষট পূজাৰ প্ৰস্তুতি । ব্যতিক্ৰম নহয় টীয়কতো ।

টীয়কৰ ঐতিহাসিক জাঁজীমুখ হাতীশাল ষট পূজা পাৰ ঘাটতো বিৰাজ কৰিছে এক উখল-মাখল পৰিৱেশে । ব্ৰিটিছৰ দিনতে জাহাজত কৰ্মৰত কিছু বিহাৰী সম্প্ৰদায়ৰ পৰিয়ালে উক্ত অঞ্চলত থাকিবলৈ গৈ কালক্ৰমত জাঁজীমুখৰ বিনন্দীয়া পৰিৱেশ, ভাষা সংস্কৃতিৰ লগত একত্ৰিত হৈ স্থায়ীভাৱে বসবাস কৰি আজি বছৰ বছৰ ধৰি জাঁজী নদীৰ পাৰত এই স্থানতে ষট পূজা উদযাপন কৰি আহিছে ।  

বিগত বৰ্ষৰ দৰে এইবাৰো গাঁৱৰ সকলো লোক ওলাই আহি নদীঘাটত শ্ৰম দান কৰি পূজাৰ যাৱতীয় ব্যৱস্থা কৰাত ব্যস্ত হৈ পৰিছে সকলো । ইপিনে উক্ত ষট পূজা ঘাটত আধ্যাত্মিক পূজা-পাতলৰ সমান্তৰালকৈ নিশা এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিছে য'ত অঞ্চলৰ কেৱল বিহাৰী সম্প্ৰদায়ৰ লোকেই নহয়, জাতি ধৰ্ম-বৰ্ণ নিৰ্বিশেষে হিন্দু, মুছলমান, খ্ৰীষ্টান, মিচিং সকলো একত্ৰিত হৈ আনন্দ-উল্লাস কৰি পূজা উদযাপন কৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: Chhath Puja 2023: সমাগত ষট পূজা, তৎপৰ মহানগৰ প্ৰশাসন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.