Bishwakarma Puja 2023: বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত ছয়গাঁৱৰ মৃৎশিল্পী

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 4:12 PM IST

thumbnail

ছয়গাঁও,১৩ ছেপ্টেম্বৰ: সমাগত বিশ্বকৰ্মা পূজা । কেইটামান দিনৰ পিছতে সকলোৱে উলহ-মালহৰে পালন কৰিব বিশ্বকৰ্মা পূজা । ১৮ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা উদযাপন কৰিবলৈ সম্প্ৰতি ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন । ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ ছয়গাঁৱতো মৃৎশিল্পীসকলৰ মাজত দেখা গৈছে‌ এক ব্যস্ততাপূৰ্ণ পৰিৱেশ । ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলৰৰ লগতে তেওঁলোকৰ পৰিয়ালৰবৰ্গও ।  

বিগত প্ৰায় ৩০ বছৰে মৃৎ শিল্পৰ লগত জৰিত ছয়গাঁও এইগৰাকী মদন মেধীৰ মূৰ্তি প্ৰতিষ্ঠানতো প্ৰায় শতাধিক সৰু-বৰ ভিন্ন আকাৰৰ মূৰ্তি সাজু কৰি তুলিছে শিল্পীগৰাকীয়ে । মৃৎশিল্পীগৰাকীৰ এই কাৰ্যত তেওঁৰ পৰিয়ালৰ লোকেও সহায় কৰা পৰিলক্ষিত হয় । অন্যহাতে, ৩০-৩৫ বছৰে শিল্পকলাৰ সৈতে জৰিত হৈয়ো বিশেষ একো চৰকাৰী সুবিধা লাভ নকৰাত আক্ষেপ প্ৰকাশ থলুৱা শিল্পীগৰাকীৰ ।

লগতে পঢ়ক: Sales of Liquor in Assam: অসমত প্ৰতিদিনে বিক্ৰী হয় ৫ লাখ লিটাৰতকৈও অধিক সুৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.