Bishwakarma Puja 2023: বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজাক লৈ ব্যস্ত বিহপুৰীয়াৰ মৃৎশিল্পী

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 2:07 PM IST

thumbnail

বিহপুৰীয়া, ১৩ ছেপ্টেম্বৰ: সমাগত বিশ্বকৰ্মা পূজা । কেইটামান দিনৰ পিছতে সকলোৱে উলহ-মালহৰে পালন কৰিব বিশ্বকৰ্মা পূজা । সম্প্ৰতি ৰাজ্যজুৰি চলিছে ব্যাপক আয়োজন । ৰাজ্যৰ অন্য প্ৰান্তৰ লেখিয়াকৈ লখিমপুৰ জিলাৰ বিহপুৰীয়াতো মৃৎশিল্পীসকলৰ মাজত দেখা গৈছে‌ এক ব্যস্ততাপূৰ্ণ পৰিৱেশ । ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকলৰৰ লগতে তেওঁলোকৰ পৰিয়ালৰ বৰ্গও ।  

সোণালী জয়ন্তী গৰকা বিহপুৰীয়াৰ প্ৰতিমা নিৰ্মাণৰ প্ৰতিষ্ঠানত দিনে নিশাই মৃৎশিল্পী উত্তম পাল আৰু তেওঁৰ সংগীবৃন্দ মূৰ্তি নিৰ্মাণত ব্যস্ত হৈ পৰিছে । মৃৎশিল্পীগৰাকীৰ ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰতিমা নিৰ্মাণৰ কামত সম্প্ৰতি পৰিয়ালবৰ্গৰ লগতে দিনে নিশাই নিয়োজিত হৈ আছে ৮-৯ জনকৈ লোক । উল্লেখ্য যে, বংশগতভাৱে প্ৰতিমা নিৰ্মাণৰ জৰিয়তে পৰিয়ালৰ লগতে তেওঁৰ ব্যৱসায়িক প্ৰতিষ্ঠানত কৰ্মৰত লোকসকল পোহপাল দিয়া এই মৃৎশিল্পীসকলে আজিলৈ চৰকাৰৰ ফালৰ পৰা সহায় সাহায্যৰ নামত নাপালে এটা ফুটা কড়িও ৷  

লগতে পঢ়ক: Preparations for Bishwakarma Puja: বিশ্বখনিকৰৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত মৃণ্ময় শিল্পীসকল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.