দুই শতাধিক মৃন্ময় মূৰ্তিৰে ১৫ দিনীয়াকৈ পলাশবাৰীত ৰাস মহোৎসৱৰ আয়োজন

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 8:20 PM IST

thumbnail

মিৰ্জা, ২৪ নৱেম্বৰ: ৰাজ্যৰ উজনি নামনি সকলোতে এতিয়া ৰাসৰ ব্যস্ততা । পলাশবাৰীতো এইবেলি সোমবাৰৰ পৰা ১৫ দিনীয়াকৈ অনুষ্ঠিত হ'ব ৭৫ সংখ্যক ৰাস মহোৎসৱ । অহা ২৭ নৱেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হবলগা এই মহোৎসৱখনিক লৈ চলিছে ব্যাপক প্ৰস্তুতি । ইতিমধ্যে  ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে পলাশবাৰী ৰাস মহোৎসৱৰ । বৃহস্পতিবাৰে পলাশবাৰীত আয়োজক সমিতিয়ে এক সংবাদমেলৰ আয়োজন কৰি ৰাসৰ প্ৰস্তুতি সন্দৰ্ভত ব্য়াখ্য়া আগবঢ়ায় ।

ৰাসত দ্বাপৰ যুগৰ শাৰদীয় পূৰ্ণিমাৰ নিশা ভগৱান শ্ৰীকৃষ্ণই যমুনা নদীৰ পাৰত গোপীসকলৰ সৈতে ৰাসক্ৰীড়াত মত্ত হোৱা আৰু তেওঁৰ জীৱনৰ বিভিন্ন লীলা সমূহক প্ৰদৰ্শন কৰা হ'ব । দুই শতাধিক মৃন্ময় মূৰ্তি শিল্পীৰ হাতত প্ৰাণ পাই উঠিব এই ৰাস মহোৎসৱত । স্থানীয় শিল্পীৰ সহায়ত এই মৃন্ময় মূৰ্তিসমূহ নিৰ্মাণ কৰি থকা হৈছে । এইবেলি পলাশবাৰী ৰাস মহোৎসৱ উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাই । ২৭ নৱেম্বৰৰ পুৱাই ভাগৱত লৈ এক বৰ্ণিল সাংস্কৃতিক সভা যাত্ৰাৰে শুভাৰম্ভ হ'ব পলাশবাৰী ৰাস মহোৎসৱৰ । ১৫ দিন ধৰি নিতৌ বিভিন্ন কাৰ্যসূচী চলি থাকিব এই ৰাস মহোৎসৱত ।

লগতে পঢ়ক:শীতকালত কেনেদৰে ল’ব আপোনাৰ শিশুটিৰ যতন ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.