TB Awareness Program at Mukalmua: নলবাৰীৰ মুকালমুৱাত যক্ষ্মামুক্ত অভিযান সভা, ৰোগীক পুষ্টিকৰ খাদ্য বিতৰণ

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 5:03 PM IST

thumbnail

নলবাৰী, 20 ছেপ্টেম্বৰ : নলবাৰীৰ মুকালমুৱাত বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ উদ্যোগত যক্ষ্মা ৰোগীসকলৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ কৰা অনুষ্ঠান অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ লগত সংগতি ৰাখি নিক্ষয় মিত্ৰ হিচাপে বৰক্ষেত্ৰী উন্নয়ন খণ্ডৰ উদ্যোগত খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানটো অনুষ্ঠিত কৰা হয় । মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত অঞ্চলটোৰ 203 গৰাকী যক্ষ্মা ৰোগীৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে উন্নয়ন খণ্ডটোৰ কৰ্মচাৰীসকলে ।

উল্লেখ্য যে যক্ষ্মা ৰোগীসকলে যিবোৰ ঔষধ সেৱন কৰে তাৰ বাবে তেওঁলোকে যথেষ্ট পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগে । সেইবাবে যক্ষ্মা ৰোগীসকলৰ মাজত পুষ্টিকৰ খাদ্য সামগ্ৰী বিতৰণ কৰা হয় বুলি জানিবলৈ দিয়ে । খাদ্য সামগ্ৰী বিতৰণ কৰাৰ লগতে যক্ষ্মা ৰোগীসকলে ল’ব লগীয়া বিভিন্ন সাৱধানতাৰ বিষয়েও তেওঁলোকক সজাগ কৰা হয় । খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানটোত উপস্থিত থাকে মুকালমুৱা মহকুমা স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাস, বৰক্ষেত্ৰী খণ্ড উন্নয়ন বিষয়া বাপধন আলী, আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰীতম গোস্বামী, নলবাৰী জিলা যক্ষ্মা বিষয়া দ্বীপেন দাস, মহকুমা স্বাস্থ্য খণ্ডৰ প্ৰকল্প বিষয়া ৰাকেশ তালুকদাৰৰ লগতে নলবাৰী জিলাৰৰ যক্ষ্মা ৰোগ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু অঞ্চলটোৰ যক্ষ্মা ৰোগীসকল।

লগতে পঢ়ক:Ganesh Chaturthi 2023 : সিদ্ধিবিনায়কৰ বন্দনাৰে মুখৰিত নলবাৰী, মন্দিৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.