One time use plastic; অসমত বন্ধ হোৱা নাই এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিকৰ ব্যৱহাৰ : ড৹ অৰূপ মিশ্ৰ

By

Published : Jul 30, 2023, 11:56 AM IST

thumbnail

গুৱাহাটী, 30 জুলাই : বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱসৰ লগত সংগতি ৰাখি নুনমাটি চূণচালিস্থিত সৃষ্টি নগৰ উদ্যোগত আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ সহযোগত প্ৰকৃতি সংৰক্ষণ দিৱস উদযাপন কৰা হয় । উক্ত অনুষ্ঠানত উপস্থিত থাকি প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ অধক্ষ ড৹ অৰূপ মিশ্ৰই পৰিৱেশ সংৰক্ষণ আৰু সজাগতাৰ ওপৰত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ।

তেওঁ কয় যে বছৰৰ 365 দিনেই ৰাইজে পৰিৱেশ সংৰক্ষণৰ বাবে কাম কৰিব লাগে । পূৰ্বতে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কেৱল উদ্যোগ আৰু চাৰ্ভিচ চেক্টৰক অনুজ্ঞাপত্ৰ দিয়াত ব্যস্ত আছিল । এতিয়া পৰিৱেশ সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ বাবে স্কুল, কলেজীয়া ছাত্ৰ-ছাত্ৰীক লগত লৈ বিভিন্ন সজাগতামূলক অনুষ্ঠান কৰি থকা হৈছে ।

ইফালে এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক বজাৰত চলি থকা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত ড৹ অৰূপ মিশ্ৰই কয়, ‘‘এবাৰ ব্যৱহাৰ যোগ্য প্লাষ্টিক বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বহু চেষ্টা কৰি আছে যদিও সফল হ’ব পৰা নাই । কিয়নো অসমৰ বাহিৰৰ পৰা প্লাষ্টিক অসমত আহে । এই ক্ষেত্ৰত ৰাইজ সজাগ আৰু সচেতন হোৱাটো অতি প্ৰয়োজন’’ ৷

আনহাতে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিচত অহা দুই অক্টোবৰৰ পৰা এক লিটাৰৰ তলৰ পানীৰ বটলসমূহ বন্ধ হ’ব বুলি তেওঁ উল্লেখ কৰে । অৱশ্যে এক লিটাৰৰ তলৰ Beverage কোম্পানীৰ বটলসমূহ বন্ধ নহয় । কিয়নো প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ লগত EPR চুক্তি স্বাক্ষৰ কৰিছে ।

চুক্তিত উল্লেখ আছে প্লাষ্টিকৰ বটলসমূহ সংগ্ৰহ কৰি পুনঃব্যৱহাৰৰ ব্যৱস্থা গ্ৰহণ কৰিব । Beverage বনোৱা যিসমূহ কোম্পানী অসমত আছে সেইসমূহ কোম্পানীৰ বটলসমূহ যদি আৱৰ্জনাত পোৱা যায়, তেন্তে সেই কোম্পানীসমূহৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগৰ ব্যক্ত কৰে ।

লগতে পঢ়ক : Assam assembly building: অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.