Yaba Tablets seized : অসমৰ পৰা আগৰতলালৈ সৰবৰাহৰ সময়তে জব্দ কোটি টকাৰ য়াবা টেবলেট

By

Published : May 7, 2023, 2:05 PM IST

thumbnail

কৰিমগঞ্জ, 7 মে’ : উত্তৰ ত্ৰিপুৰাৰ আৰক্ষী অধীক্ষক ভানুপদ চক্ৰৱৰ্তীৰ নেতৃত্বত শুকুৰবাৰে আৰক্ষীয়ে চলায় এক অভিযান ৷ গোপন সূত্ৰৰ ভিত্তিত লাভ কৰা তথ্যৰ ভিত্তিত আৰক্ষীয়ে চলায় এই অভিযান ৷ 6 মে’ অৰ্থাৎ শনিবাৰৰ পুৱা চলোৱা অভিযানত কেইবাখনো গাড়ীৰ ব’ডীৰ তলৰ পেট্ৰ’ল টেংকিৰ কাষৰ পৰা আৰক্ষীয়ে য়াবা টেবলেট উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ অসমৰ পৰা আগৰতলালৈ কঢ়িয়াই অনা হৈছিল য়াবা টেবলেটখিনি (Yaba Tablets seized in Tripura)  ৷

আৰক্ষী অধীক্ষকৰ নেতৃত্বত থকা অভিযানকাৰী আৰক্ষীৰ দলটোৱে ছয় পেকেটত মুঠ 60 হাজাৰ য়াবা টেবলেট জব্দ কৰিবলৈ সক্ষম হয় । লগতে, শুভাংকৰ দেৱনাথ, ইদ্ৰিছ মিঞা আৰু ৰজত পাল নামৰ তিনি সৰবৰাহকাৰীকো গ্ৰেপ্তাৰ কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে । আটকাধীন সৰবৰাহকাৰীৰ দুটাৰ ঘৰ সোণমুৰাৰ ধনপুৰত বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (3 drug peddlers arrested in Tripura) ।

লগতে পঢ়ক : Fire in Goalpara : গোৱালপাৰাত জীৱন্তে অগ্নিদগ্ধ হ’ল 7 বছৰীয়া নাবালক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.