Gambling in Naharkatia: নাহৰকটীয়াৰ চাচনীত জুৱাৰ ঘাটি উচ্ছেদ

By

Published : Oct 19, 2022, 11:48 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

thumbnail

কাতি বিহুৰ নিশা নাহৰকটীয়াৰ চাচনীত দুটাকৈ জুৱাৰ ঘাটি উচ্ছেদ কৰিবলৈ সক্ষম হ'ল আৰক্ষী (Two gambling dens busted in Naharkatia)। নাহৰকটীয়া আৰক্ষী থানাৰ অন্তৰ্গত চাচনী আৰক্ষী চকীৰ জোৱানসকলে মঙলবাৰে চাচনী অঞ্চলৰ দুটাকৈ স্থানত অভিযান চলাই জুৱাৰ ঘাটি উৎখাত কৰিবলৈ সক্ষম হয় (Gambling in Naharkatia)। উল্লেখ্য যে চাচনী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৃষ্ণকান্ত শৰ্মাৰ নেতৃত্বত যোৱা এটা দলে চাচনী আমগুৰি নেপালী আৰু চাচনী মঠাৱনী গাঁৱত অভিযান চলায় । অভিযানৰ অন্তত জুৱাৰ ঘাটি উৎখাত কৰাৰ লগতে জুৱা খেলৰ বিভিন্ন সামগ্ৰীও জব্দ কৰে আৰক্ষীয়ে (Gambling items recovered in Dibrugarh)। ইফালে আৰক্ষী যোৱাৰ উমান পাই জুৱাৰী দলটো পলাই যাবলৈ সক্ষম হয় । ইফালে আগন্তুক দীপাৱলী পৰ্যন্ত চাচনী আৰক্ষীয়ে এইধৰণৰ অভিযান চলাই যাব বুলিও উল্লেখ কৰে আৰক্ষী বিষয়াসকলে ।

Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.