Raid against Fake currency: বঙালমৰাত দ’মে দ’মে ওলাইছে জালনোট

By ETV Bharat Assamese Team

Published : Sep 26, 2023, 2:30 PM IST

thumbnail

বিহপুৰীয়া, 26 ছেপ্টেম্বৰ : লখিমপুৰৰ বঙালমৰাত আৰক্ষীৰ অভিযান । আৰক্ষীয়ে সোমবাৰে নিশা চলোৱা অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ জাল নোট । 20 লক্ষাধিক জাল নোটৰ সৈতে এটা ব্যৱসায়ীকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । বঙালমৰাৰ 1 নং আহমেদপুৰৰ ইমদাদুল ইছলামৰ ঘৰত অভিযান চলাই এই জালনোটখিনি জব্দ কৰিবলৈ সক্ষম হৈছে বুলিছে জানিব পৰা গৈছে ।

এটা পানীৰ টেংকৰ পৰা বঙালমৰা আৰক্ষীয়ে জব্দ কৰে জাল নোটখিনি । ইফালে বঙালমৰা আৰক্ষীয়ে নিশা বঙালমৰা মিৰি গাঁৱৰ গুলজাৰ হুছেইন, ৰিয়াজুল‌ ইছলাম, ফাইজুল ইছলামৰ বাসগৃহত চলাইছিল অভিযান । অৱশ্যে সুযোগ বুজি আটাইকেইজন পলাই যাবলৈ সক্ষম হয় ।

নিশা 2 নং সোনাপুৰৰ পৰা কৰায়ত্ত কৰে আন এটা জাল নোট ব্যৱসায়ী ছাহজাহান আলীক । জানিব পৰা মতে, ইমদাদুল, ৰিয়াজুল, ফাইজুল, আৰু গুলজাৰ আৰু তেওঁলোকৰ দলটোৱে গোপনে গুৱাহাটীত জাল নোট ব্যৱসায় কৰি থকাৰ খবৰ লাভ কৰিছিল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই ।

আনন্দ মিশ্ৰৰ নিৰ্দেশৰ পিচতেই সোমবাৰে নিশা চলিছিল ধাৰাবাহিক অভিযান । এই দলটোক উৎখাত কৰিবলৈ বৰ্তমানো বিহপুৰীয়া, বঙালমৰা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Assam Official Language Act 1960: ১৯৬০ চনৰ চৰকাৰী ভাষা প্ৰয়োগ আইন ৰূপায়নৰ নামত প্ৰহসন !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.