Amrit Bharat Station Scheme: ডিফু ৰে’ল ষ্টেচনৰ পুনৰ উন্নীতকৰণৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

By

Published : Aug 6, 2023, 10:38 PM IST

thumbnail

ডিফু, ৬ আগষ্ট: অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত দেশৰ ৫০৮ টা ৰে’লষ্টেচন সৈতে দেওবাৰে ডিফু ৰে’ল ষ্টেচনৰ পুনৰ উন্নীতকৰণৰ আধাৰশিলা ভাৰ্চুৱেলি স্থাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ডিফু ৰে’ল ষ্টেচন চৌহদত আয়োজিত এক আকৰ্ষণীয় অনুষ্ঠানত তিনি পাৰ্বত্য জিলাৰ একমাত্ৰ সাংসদ হৰেণছিং বে'ৰ উপস্থিতিত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডিফু ৰে’ল ষ্টেচনৰো উন্নীতকৰণৰ আধাৰশিলা স্থাপন কৰে ৷ 

উদ্ধোধনী অনুষ্ঠানত উপস্থিত ৰাইজক অসমত পুনৰ উন্নীতকৰণ হ’ব লগীয়া বিশ্বমানৰ অত্যাধুনিক ৰে’ল ষ্টেচনৰ আৰ্হি চলচিত্ৰৰ জৰিয়তে প্ৰদৰ্শন কৰা হয় ৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা বিভিন্ন প্ৰতিযোগিতাৰ বিজেতাসকলক পুৰস্কৃত কৰা হয় ৷ ইফালে সাংসদ হৰেণছিং বে'ই সাধাৰণ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ ডিফুত আধুনিক মানৰ ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পাৰ্বত্য জিলাবাসীৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

তেওঁ লগতে কৰ’ণা কালত ডিফু ৰে’ল ষ্টেচনত ৰাজধানী এক্সপ্ৰেছৰ বন্ধ হৈ পৰা ষ্ট’পেজ পুনৰ আৰম্ভ কৰিবলৈ আৰু বৰলাংফেৰ ৰে’ল ষ্টেচনত এখন ফ্লাই অভাৰ নিৰ্মাণ কৰিবলৈ কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীক পত্ৰযোগে অনুৰোধ জনোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Amrit Bharat Railway Station Scheme: নাৰেংগী ৰে'ল ষ্টেচনৰ ভাৰ্চুৱেলি আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.