Redevelopment of Bongaigaon Railway Station: নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনৰ পুনৰ্বিকাশৰ কাম শুভাৰম্ভ

By

Published : Aug 7, 2023, 9:01 AM IST

thumbnail

বঙাইগাঁও, 7 আগষ্ট : দেওবাৰে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ষ্টেচন পুনৰ্বিকাশৰ কাম শুভাৰম্ভ কৰা হয় ৷ দেওবাৰে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত ষ্টেচন পুনৰ্বিকাশৰ কাম শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

এই শুভাৰম্ভ অনুষ্ঠানত ৰাজ্যসভা সাংসদ ৰণগৌৰা নাৰ্জাৰী লগতে নিউ বঙাইগাঁও ৰে’লৱে Workshop ৰ chief workshop manager কিষাণ সিং, বঙাইগাঁও জিলা আয়ুক্ত নৱদ্বীপ পাঠক, বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, চিৰাং জিলাৰ অতিৰিক্ত আয়ুক্ত ফিৰোজ আলম শেখৰ লগতে বহু কেইবাগৰাকী বিশিষ্ট অতিথি উপস্থিত থাকে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশতে 508 টা ৰে’লৱে ষ্টেচনৰ পুনৰ্বিকাশৰ কাম শুভাৰম্ভ কৰে ৷ তাৰ পিচতে ৰাজ্যসভা সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে নিউ বঙাইগাঁও ৰে’লৱে ষ্টেচনত আধাৰ আধাৰশিলা স্থাপন কৰা হয় ৷ উল্লেখ যে, অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত অসমৰ 32 টা ৰে’লৱে ষ্টেচনৰ লগতে সমগ্ৰ দেশতে 508 টা ৰে’ল ষ্টেচনৰ পুনৰ্বিকাশৰ কাম শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

লগতে পঢ়ক : Important day for country : প্ৰধানমন্ত্ৰীৰ হাতেৰে দেশৰ ৫০৮ টা ৰেল ষ্টেচনৰ পুনঃ উন্নয়নৰ আধাৰশিলা স্থাপন; অসমৰ ৩২ টা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.