ড্ৰাগছ সৰবৰাহকাৰীৰ বাসগৃহত উদ্ধাৰ পিষ্টল, পলাতক সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Nov 28, 2023, 7:02 AM IST

thumbnail

ধুবুৰী, 28 নৱেম্বৰ : ধুবুৰীত ড্ৰাগছ সৰবৰাহকাৰীৰ বাসগৃহত মাৰণাস্ত্ৰ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ পলাতক ড্ৰাগছ পেডলাৰটো নুৰ ইছলাম ওৰফে মোনা বুলি জানিব পৰা হৈছে ৷

সোমবাৰে ধুবুৰী আৰক্ষীয়ে অভিযান চলাই নিউ মাৰ্কেট অঞ্চলৰ নুৰ ইছলাম ওৰফে মোনা নামৰ এজন যুৱকৰ বাসগৃহৰ পৰা আৰক্ষীয়ে এটা পিষ্টল উদ্ধাৰ কৰে । তথ্য অনুসৰি দীর্ঘদিন ধৰি নুৰ ইছলাম নামৰ যুৱকজনে নিষিদ্ধ ড্ৰাগছৰ বেহা চলাই অহাৰ অভিযোগ উত্থাপিত হৈ আহিছিল। তেনে অভিযোগৰ ভিত্তিত ধুবুৰী সদৰ আৰক্ষীৰ দল এটাই নুৰ ইছলামৰ বাসগৃহত উপস্থিত হৈ অতৰ্কিতে অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে এটা ষ্টীলৰ আলমিৰাৰ তলৰ পৰা এটা পিষ্টল উদ্ধাৰ কৰে । 

অৱশ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহয় নুৰ ইছলামক । সম্প্ৰতি নুৰ পলাতক হৈ আছে বুলি জানিব পৰা গৈছে ৷ নুৰৰ বিৰুদ্ধে ধুবুৰী সদৰ আৰক্ষী থানাত কেইবাটাও গোচৰ ৰুজু হৈ থকা বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: পুনৰ অপৰাধীলৈ গুলী মহানগৰ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.