Dasara fire crackers test : মহীশূৰত দশেৰা বিস্ফোৰক প্ৰশিক্ষণত বিস্ফোৰণ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 2:47 PM IST

thumbnail

নেশ্যেনেল ডেস্ক, 23 অক্টোবৰ : মহীশূৰত সংঘটিত এক অঘটন ৷ দশেৰা বিস্ফোৰক প্ৰশিক্ষণ (Firecracker Test)ৰ সময়তে মহীশূৰত সংঘটিত হয় এক বিস্ফোৰণ ৷ ফলত এজন কৰ্মচাৰী আহত হয় । আহত লোকজনক মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে ।

তথ্য অনুসৰি, দেওবাৰে সন্ধিয়া ৰাজপ্ৰসাদ চৌহদত চলি আছিল জম্বু সাৱৰীত (Jamboo ride) ফুলৰ বৰষুণৰ আখৰা । এই সময়তে কৰ্মচাৰীসকলে বিস্ফোৰক লৈয়ো আখৰা কৰি আছিল । তেনেতে হঠাৎ বিস্ফোৰণ ঘটাৰ ফলতে উক্ত ঘটনাটো সংঘটিত হয় ৷

হাতী দলটোৰ শেষৰ ৰাউণ্ডৰ প্ৰশিক্ষণ সফল :

জম্বু সাৱৰীত অংশগ্ৰহণৰ বাবে ৰাজপ্ৰসাদত যোৱা দুমাহ ধৰি হাতীৰ বিভিন্ন প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈ আছিল ৷ কেপ্তেইন অভিমন্যুৰ নেতৃত্বত দেওবাৰে শেষ পৰ্যায়ৰ প্ৰশিক্ষণ সফলতাৰে সম্পন্ন কৰা হয় ৷

লগতে পঢ়ক : Last rites of Dr Birendranath Dutta : আজি ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় জনোৱা হ’ব লোক-সংস্কৃতিৰ গৱেষক ড৹ বীৰেন্দ্ৰনাথ দত্তক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.