Robbery incident in Nagaon: আশা কৰ্মীক নিচাযুক্ত দ্ৰব্য খুৱাই ধন-সোণ লুটি নিলে ৰোগীয়ে

By

Published : Apr 2, 2023, 9:41 PM IST

thumbnail

নগাঁও, 2 এপ্ৰিল : নগাঁৱত অচেতন অৱস্থাত এগৰাকী আশা কৰ্মী উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে (Robbery incident in Nagaon) ৷ শুকুৰবাৰে প্ৰতিদিনৰ দৰেই ঘৰৰ পৰা হাস্পতাললৈ বুলি উলাই গৈছিল আশাকৰ্মী মীনা দত্ত ৷ তাৰ পিচত বিয়লি 4 বজাৰ পৰা ফোন ছুইচ অফ আছিল আশা কৰ্মীগৰাকীৰ ৷ ঘৰৰ লোকে শুকুৰবাৰে নিশা 8 বজালৈ আশা কৰ্মীগৰাকী ঘৰলৈ অহালৈ বাট চাইছিল ৷ 

কিন্তু তেতিয়ালৈ তেওঁ ঘৰ আহি নোপাৱাত পুত্ৰই আশা কৰ্মীগৰাকী কাম কৰা হাস্পতালসমূহত খবৰ লয় ৷ গোটেই নিশা বিচাৰ খোচাৰ কৰা পিচতো মীনা দত্তক বিচাৰি নোপোৱাত পৰিয়ালৰ লোকে শনিবাৰে পুৱাই আৰক্ষীৰ ওচৰত যাবলৈ খোজোতেই পুত্ৰক হয়বৰগাঁও আৰক্ষীয়ে ফোনযোগে মাতৃৰ খবৰ দিয়ে ৷ 

শনিবাৰে পুৱা অচেতন অৱস্থাত হুজগাঁৱত হয়বৰগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিছিল মীনা দত্তক (Women rescued unconscious situation) ৷ আৰক্ষীৰ খবৰ পায়েই আশা কৰ্মীগৰাকীৰ পৰিয়ালৰ লোকে তেওঁক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে ৷ পিচত পৰিয়ালৰ লোকে আশা কৰ্মীগৰাকীক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰায় ৷ 

আশা কৰ্মীগৰাকীৰ পৰা দুৰ্বৃত্তই নগদ ৫০ হাজাৰ টকা আৰু সোণৰ গহনা লুট কৰি লৈ যায় বুলি তেওঁ জানিবলৈ দিয়ে (Patient looted gold and cash) ৷ লগতে আশা কৰ্মীগৰাকীয়ে কয় যে তেওঁ মাত্ৰ ৰোগীক হাস্পাতাললৈ লৈ গৈ থকালৈকেহে গম পায়, তাৰ পিচৰ পৰা তেওঁ একো কথাই গম নাপায় ৷ 

লগতে পঢ়ক: Drugs Paddler Arrested: নলবাৰীৰ সোনাপুৰত ড্ৰাগছ সহ আটক তিনি ড্ৰাগছ সৰবৰাহকাৰী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.