Assam village pathetic road condition:কাৰ ভুলৰ শাস্তি ভূগিছে মৰাণ সমষ্টিৰ ঠেঙাল গাঁওবাসীয়ে ?

By

Published : Jun 28, 2023, 3:53 PM IST

thumbnail

ডিব্ৰুগড়, 28 জুন : ৰাজ্যত উন্নয়নৰ ৰঙীণ বিজ্ঞাপন চলিলে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিকাশ আৰু উন্নয়নৰ কথা কৈ থকা সময়ত মৰাণ সমষ্টিত দেখা গৈছে বিধায়ক চক্ৰধৰ গগৈৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ । ডিব্ৰুগড়ৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অধীনস্থ গৰুধৰীয়া গাঁও পঞ্চায়তৰ ঠেঙাল গাঁৱৰ এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক ৷

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি নিৰ্বাচনৰ পূৰ্বে মৰাণ সমষ্টিৰ বিধায়কজনে দিয়া প্ৰতিশ্ৰুতি অৱশেষত পৰিণত হ'ল ফুটুকাৰ ফেনত । প্ৰায় ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ গৰুধৰীয়া পঞ্চায়তৰ এই পথচোৱাৰে কাপোৰ কোঁচাই হাতত জোতা চেণ্ডেল লৈ বিদ্যালয়লৈ যাবলগীয়া হ‌য় ছাত্ৰ-ছাত্ৰীসকল । চিকিৎসাৰ বাবে ৰোগী নিবলৈ এই পথচোৱাৰে যাব নোৱাৰে এখন এম্বুলেঞ্চ কিম্বা অন্যান্য গাড়ী । ফলত বোকোচাত তুলি নিবলগীয়া হয় ৰোগীক । এতিয়া এই পথচোৱাৰ বাবে যমৰ যাতনাত ভুগিবলগীয়া হৈছে স্থানীয় অঞ্চলৰ ৰাইজ ।

এই পথচোৱাত যাতায়াতৰ সুচল ব্যৱস্থা কৰি নিদিলে অনাগত নিৰ্বাচনত ভোট বৰ্জন কৰাৰো হুংকাৰ জনাই ডিব্ৰুগড়ৰ গৰুধৰীয়া গাঁও পঞ্চায়তৰ ঠেঙাল গাঁৱৰ ৰাইজে । পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনত দুবাৰকৈ বিধায়ক হোৱা মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে ৰাইজৰ সমস্যা সমাধানত কেতিয়া গুৰুত্ব প্ৰদান কৰিব সেইয়াহে লক্ষ্যণীয় কথা । কিয়নো দুবাৰ বিধায়ক হৈও সমষ্টিৰ ৰাইজৰ সমস্যা সমাধানত ব্যৰ্থ হৈছে বিধায়ক চক্ৰধৰ গগৈ ।

লগতে পঢ়ক : Erosion at Kalgachia : ঈদৰ আগদিনা চকুলো টুকিছে কলগাছিয়াৰ খহনীয়াগ্রস্ত লোক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.