Sri Raghupati: ৰঘুপতিৰ বন্দনাত মুখৰিত ৰঙিয়া

By

Published : Jun 5, 2023, 10:55 PM IST

thumbnail

ৰঙিয়া,৫ জুন: ৰবি শৰ্মাৰ ‘‘শ্ৰী ৰঘুপতি’’ ক মুক্তিৰ দিনাই দৰ্শক ৰাইজৰ ব্যাপক সঁহাৰি । ডিলাইট চিনেমা হলত টিকটৰ বাবে হেতা-ওপৰা লগালে দৰ্শকে । ৰবি শৰ্মাৰ চিনেমা চাবলৈ আহিল অসংখ্য গুণমুগ্ধ । ৰঙিয়াৰ ডিলাইট গ'ল্ড চিনেমা হলত ৰঘুপতিৰ মুক্তিৰ প্ৰথম দিনাৰ প্ৰথম শ্ব' প্ৰায় হাউচফুল (Overwhelming response from audiences to Sri Raghupati) ।  

ৰঙিয়াৰ এই চিনেমা হলটোত ৰঙিয়াৰ লগতে নলবাৰী, বৰপেটা আৰু বাক্সা জিলাৰ বিভিন্ন ঠাইৰ পৰা শ শ দৰ্শক শ্ৰী ৰঘুপতি চাই আনন্দিত (Ravi Sharma Sri Raghupati Release date) । বহু বিতৰ্কৰ অন্তত মুক্তিলাভ কৰা শ্ৰী ৰঘুপতিয়ে প্ৰথম দিনাই ব্যাপক সঁহাৰি লাভ কৰা দেখা গৈছে (Sri Raghupati Release timing) । অসমৰ চিনেমা উদ্যোগলৈ যেন সুদিন ঘূৰি আহিছে ৰঘুপতি চিনেমাখনে তাকেই প্ৰতিপন্ন কৰিলে । ৰঘুপতি চিনেমাখনৰ কাহিনী আৰু অভিনয় খুবেই ভাল হোৱা বুলি উৎফুল্লিত দৰ্শকে জানিবলৈ দিয়ে । 

লগতে পঢ়ক: Comments on Price Hike: মূল্যবৃ্দ্ধি সন্দৰ্ভত ভৱেশ কলিতাৰ আজৱ যুক্তি; ৰাইজে কৰিছে হাহাকাৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.