Opium Seized at Dokmoka : ডকমকাত বৃহৎ পৰিমাণৰ অপিয়ামসহ আটক সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 10:45 PM IST

thumbnail

ডিফু, 2 নৱেম্বৰ : কাৰ্বি আংলং জিলাৰ ডকমকাত আৰক্ষীয়ে বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ অপিয়াম (আফিং)জব্দ কৰিবলৈ সক্ষম হয় ৷ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ)কংকন কুমাৰ নাথে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা তথ্য অনুসৰি নিয়মীয়া তালাচীত ডিমাপুৰৰ দিশৰ পৰা আহি থকা এনএল-০১-এএফ-০৮৮২ নম্বৰৰ ট্ৰাকখনত গোপন কক্ষত লুকুৱাই অনা অৱস্থাত 54 পেকেট অপিয়াম উদ্ধাৰ হয় ৷

জব্দ হোৱা অপিয়ামখিনিৰ ওজন 51 কিলোগ্ৰাম বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াগৰাকীয়ে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গাড়ীখনৰ চালক সঞ্জীৱ ছেত্ৰী আৰু হেণ্ডিমেন মনু ছেত্ৰীক আটক কৰি সোধাপোছা অব্যাহত ৰখা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য কেইবা কোটি টকা হ'ব বুলি জানিব পৰা গৈছে ৷ 
 

লগতে পঢ়ক : Upper Dihing Forest: আপাৰ দিহিং বনাঞ্চলত বন বিভাগে চলাইছে নেকি বন ধ্বংস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.