Nalbari civil hospital: প্ৰবল প্ৰতিবাদৰ অন্তত আৰম্ভ হ’ল নলবাৰী অসামৰিক চিকিৎসালয়ৰ বহিঃবিভাগ

By

Published : Mar 13, 2023, 11:05 PM IST

thumbnail

নলবাৰী, 13 মাৰ্চ: জনতা আৰু দল-সংগঠনৰ প্ৰতিবাদৰ ওচৰত সেও মানি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত পুনৰ বহিঃ বিভাগ আৰম্ভ কৰা হয় সোমবাৰৰ পৰা ৷ যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা নলবাৰীবাসীৰ চিকিৎসাৰ ভৰষাস্বৰূপ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত বন্ধ আছিল বহিঃ বিভাগ ৷ নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজৰে চিভিল হাস্পতালক সংলগ্ন কৰি সম্পূৰ্ণৰূপে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত বন্ধ ৰাখিছিল বহিঃ বিভাগ (OPD service in Nalbari civil Hospital) ৷ 

যাৰ বাবে আছু, AJYCP, জিলা কংগ্ৰেছকে ধৰি ২১ টাকৈ দল-সংগঠনৰ লগতে ৰাইজে ধাৰাবাহিকভাৱে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ ৷ আনকি ৰাইজে ১৩ ফেব্ৰুৱাৰীত স্বতঃস্ফূৰ্তভাৱে পালন কৰিছিল নলবাৰী বন্ধও ৷ গণতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ প্ৰশাসনে সেইদিনাৰ পৰাই ৬০ দিনৰ বাবে জাৰি কৰিছিল ১৪৪ ধাৰা ৷ কিন্তু তাৰ পিচতো ৰাইজৰ ক্ষোভ আঁতৰা নাছিল ৷ বিভিন্ন মাধ্যমেৰে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজে প্ৰকাশ কৰি গ’ল প্ৰতিক্ৰিয়া (Public protest in Nalbari) ৷ 

অৱশেষত সোমবাৰে আহিল ভাল খবৰটো ৷ সোমবাৰৰ পৰাই নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত পুনৰ আৰম্ভ হ’ল বহিঃ বিভাগ ৷ অৱশ্যে সপ্তাহত তিনিদিনকৈহে চিকিৎসালয়খনত চলিব বহিঃবিভাগৰ সেৱা ৷ ইয়াৰ ভিতৰত মেডিচিন আৰু চাৰ্জাৰীৰ বহিঃ সেৱা চলিব সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে ৷ তাৰ বিপৰীতে নাক-কাণ-ডিঙি আৰু দন্ত চিকিৎসাৰ বহিঃ সেৱা চলিব মঙলবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ৷ অৱশ্যে পূৰ্বৰ দৰে প্ৰতিমুহূৰ্ততে সষ্টম হৈ থাকিব জৰুৰীকালীন বিভাগ (New Medical college in Nalbari) ৷

লগতে পঢ়ক: Protest against SEBA : ৰাজ্যজুৰি শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পুত্তলিকা দাহ কৰিলে আছুৱে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.