Heavy storm in Dibrugarh: প্ৰচণ্ড ধুমুহাত খোৱাঙত গছ পৰি এজনৰ মৃত্যু

By

Published : May 2, 2023, 10:38 PM IST

thumbnail

মৰাণ, 2 মে’: ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰকৃতিয়ে তাণ্ডৱ ৰূপ লৈছে (Heavy storm in Assam) ৷ প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে ব্যাপক ক্ষতি সাধন কৰিছে ৰাজ্যবাসীৰ ৷  ডিব্ৰুগড় জিলাৰ খোৱাঙত প্ৰকৃতিৰ ৰুষ্ট ৰূপে ত্ৰাসিত কৰিছে অঞ্চলবাসীক (Heavy storm in Dibrugarh) ৷ খোৱাঙৰ কেইবাটাও অঞ্চলত মঙলবাৰে বিয়লি অহা প্ৰচণ্ড ধুমুহা বৰষুণে তচনচ কৰি থৈ গৈছে (Heavy Storm and hailstorm at Khowang)৷  

ধুমুহা বৰষুণত খোৱাঙত গছ পৰি এজন লোকৰ মৃত্যু হয় ৷ খোৱাঙৰ 1নং দিখাৰী কিনাৰত এই ঘটনা সংঘটিত হৈছে (One died at Khowang)। খোৱাঙৰ 1নং দিখাৰী কিনাৰত সংঘটিত হোৱা এই ঘটনাত সুখেশ্বৰ গগৈ নামৰ এজন ব্যক্তি মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Heavy storm in Tinsukia: বৰদৈচিলাৰ তাণ্ডৱ; 24 এপ্ৰিলত বন্ধ থাকিব তিনিচুকীয়াৰ সমূহ বিদ্যালয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.