Barpeta Road Robbery : বৰপেটাৰোডৰ ডকাইতিকাণ্ডৰ লগত জড়িত আন এটা ডকাইতক গ্ৰেপ্তাৰ

By

Published : Jan 10, 2023, 10:05 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

বৰপেটাৰোডৰ ডকাইতিকাণ্ডৰ লগত জড়িত আন এটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ (Dacoit arrested at Barpeta Road)৷ ডকাইতটোৰ নাম মোহিনী ৰাজবংশী ৷ ইয়াৰ পূৰ্বে আন তিনিটা ডকাইত ক্ৰমে শ্ৰীধৰ মণ্ডল, আবু তাহেৰ আৰু খুশি সুত্ৰধৰক বৰপেটাৰোড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৷ এই পৰ্যন্ত মুঠ চাৰিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ কৰিছে বৰপেটাৰোড আৰক্ষীয়ে (Barpeta Road Police Station)৷ যোৱা 6 জানুৱাৰীত বৰপেটাৰোড পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ তথা প্ৰাক্তন পৌৰপতি দিলীপ সাহাৰ পুত্ৰ দীপাংকৰ সাহাৰ দোকানত সংঘটিত ডকাইতিকাণ্ডত অভিযুক্ত উক্ত ডকাইতকেইটা ৷ ব্যৱসায়ীগৰাকীৰ বুকুত মাৰনাস্ত্ৰ থৈ লুটি নিছিল প্ৰায় 50 হাজাৰ টকা ৷ তাৰোপৰি দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে ব্যৱসায়িক প্ৰতিষ্ঠানটোত এজাঁই গুলীচালনাও কৰিছিল (Robbery at Barpeta Road)৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.