ডুমডুমাৰ নাহৰজানত বন্য হস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 12:43 PM IST

thumbnail

তিনিচুকীয়া, 20 নৱেম্বৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী মানুহৰ সংঘাত ৷ সোমবাৰে পুৱাৰ ভাগত ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে উপদ্ৰৱ চলাই কাকজানৰ নাহৰজানত ৷ আজি তিনিচুকীয়া জিলাৰ ডুমডুমাৰ কাকজান নাহৰজানত বন্যহস্তীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয় । নিহত লোকজন অমিত তাঁ‌তী বুলি জানিব পৰা গৈছে ।

স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, ডিগবৈ সংৰক্ষিত বনাঞ্চলৰপৰা ওলাই অহা বন্যহস্তীয়ে অনিষ্ট কৰি আহিছে শালি ধানৰ খেতি ৷ সেয়ে আজি পুৱাৰ ভাগত বন্যহস্তী খেদিবলৈ যাওঁতে বন্যহস্তীৰ আক্ৰমণত অমিত তাঁ‌তী নামৰ লোকজনৰ মৃত্যু হ’ল ৷ আনহাতে অঞ্চলটোত বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ক্ষেত্ৰত বন বিভাগে কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ ইফালে বন্যহস্তীৰ আক্ৰমণত নিহত লোকজনৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ দাবী উত্থাপন কৰিছে ৰাইজে ৷

লগতে পঢ়ক:ডুমডুমা বন সংমণ্ডল বনাঞ্চলত বন ধ্বংসযজ্ঞ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.