Terrible road accident at Kamargaon: কমাৰগাঁৱৰ পাৰাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, এজন নিহত

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 10:31 PM IST

thumbnail

গোলাঘাট, 15 নৱেম্বৰ: বুধবাৰে সন্ধিয়া গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পাৰাঘাটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ফলত থিতাতে এজন নিহত হোৱাৰ লগতে আন এজন আহত হৈছে ৷ নিহত লোকজন বিজয় মুণ্ডা আৰু আহত লোকজন কাৰ্তিক মুণ্ডা বুলি জানিব পৰা গৈছে ৷

ঘটনা অনুসৰি, দেৰগাঁৱৰ পৰা বোকাখাত দিশে গৈ থকা এখন তীব্ৰ বেগী বাহনে কমাৰগাঁৱৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা ডিভাইডাৰত খুন্দা মাৰে ৷ ফলত থিতাতে নিহত হয় বিজয় মুণ্ডা নামৰ লোকজন ৷ দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হৈছে AS 05 G 5293 ৷

ইফালে ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আহত লোকজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ দুৰ্ঘটনাত আহত কাৰ্তিক মুণ্ডাক বোকাখাতৰ শ্বহীদ কমলা মিৰি চিকিৎসালয়ত ভৰ্তি কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:Noble Deed:দেৱালীত ব্যৱহৃত কলগছ হৈ পৰিল হাতীৰ খাদ্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.