বানেইকুছিত উদ্ধাৰ হোৱা যুৱতীৰ মৃতদেহৰ পৰিচয় উদ্ধাৰ, ধৰ্ষণ কৰি হত্যা কৰিছিল বন্ধুৱে

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:42 PM IST

thumbnail

দৰং, 17 নৱেম্বৰ : দুদিনৰ অন্তত দৰঙৰ ছিপাঝাৰৰ বানেইকুছি গাঁৱৰ শৌচালয়ৰ টেংকীত উদ্ধাৰ হোৱা যুৱতীৰ অৰ্ধগলিত মৃতদেহ চিনাক্ত কৰা হয় ৷ তাৰ পিচতে এই ঘটনাৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰা হয় ৷ অভিযোগ অনুসৰি ধৃত হিতেশ কলিতাই কৰ্মসূত্ৰে বহু দিনৰেপৰাই চিনি পাইছিল যুৱতীগৰাকীক ৷ কলিতাই কামৰ গইনা লৈ নিজ ঘৰলৈ মাতি যুৱতীগৰাকীক ধৰ্ষণ কৰি  হত্যা কৰি শৌচাগাৰৰ টেংকীৰ ভিতৰত সুমুৱাই থৈ দিছিল ৷  

তাৰ পিচতে যোৱা 15 নৱেম্বৰত কলিতাৰ পৰিয়ালটোৰ এজন সদস্য শৌচালয়লৈ যোৱাৰ সময়তে প্ৰত্যক্ষ কৰে মৃতদেহটো ৷ এটা বস্তাৰ ভিতৰত সুমুৱাই টেংকীটোত ভৰাই থোৱা আছিল অৰ্ধগলিত যুৱতীৰ মৃতদেহটো ৷ ঘটনা সম্পৰ্কে হিতেশ কলিতাক আটক কৰাৰ পিচতে সংবাদমেল সম্বোধন কৰে দৰঙৰ উপ আৰক্ষী অধীক্ষকে(অপৰাধ) ৰ’জী তালুকদাৰে।

লগতে পঢ়ক: Half-decomposed deadbody recovered: শৌচালয়ৰ টেংকীত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.