Old building collapsed in Bhiwandi: মহাৰাষ্ট্ৰত পুৰণি অট্টালিকা খহি এজনৰ মৃত্যু

By

Published : Jan 27, 2023, 1:54 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

নিউজ ডেস্ক, ২৭ জানুৱাৰী: মহাৰাষ্ট্ৰৰ থানেৰ ভিৱান্দি চহৰৰ মুলচান্দ চৌহদ অঞ্চলৰ এটা অট্টালিকা শুকুৰবাৰে পুৱতিনিশা খহি পৰে (Old two storied building collapsed in Bhiwandi) । উল্লেখ্য, এই বিপজ্জনক অট্টালিকাটোত দুটা মহলা আছিল(Old two storied building collapsed in Bhiwandi one died) । দুৰ্ঘটনাটোৰ ফলত অট্টালিকাটোৰ বাসিন্দা ২৫ বছৰীয়া মজিদ আনছাৰীৰ মৃত্যু হয় (one died in building collapsed in MH) । অগ্নিনিৰ্বাপক বাহিনীয়ে অট্টালিকাটোৰ ধ্বংসস্তূপৰ তলত কোনো লোক আবদ্ধ হৈ আছে নেকি তাৰ অনুসন্ধানত অভিযান অব্যাহত ৰাখিছে । 

উল্লেখযোগ্য যে এই বহু পুৰণি অট্টালিকাটোৰ তলৰ মহলাত সাতখন দোকান আছিল বুলি জানিব পৰা গৈছে । আনহাতে, ওপৰৰ মহলত থকা কোঠাবোৰ ব্যৱসায়ীসকলৰ বাবে আছিল (old building collapsed in Thane Bhiwandi Maharashtra) । অট্টালিকাটো খহি পৰাৰ খবৰ পোৱা মাত্ৰে অগ্নিনিৰ্বাপক বাহিনীৰ দুটা দল গৈ ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে(Fire brigade start rescue operation) । নিজামপুৰা আৰক্ষী থানাৰ এজন বিষয়াই প্ৰকাশ কৰা মতে, মৃত ব্যক্তিজনৰ নাম মজিদ আনছাৰী । অট্টালিকাটো খহি পৰাৰ সময়ত তেওঁলোক ভিতৰতে শুই আছিল । 

ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ পৰাৰ ফলতে তেওঁৰ মৃত্যু হোৱা বুলি আৰক্ষী বিষয়াজনে লগতে কয় । আনহাতে, জানিব পৰা মতে ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকা আৰু এজন লোকক উদ্ধাৰ কৰা হৈছে । অৱশ্যে তেওঁ কোনো ধৰণৰ আঘাত পোৱা নাই বুলি অগ্নিনিৰ্বাপক বাহিনীৰ সূত্ৰই জনাইছে । উল্লেখ্য যে এই অতি পুৰণি ভৱনটোৰ বয়স আৰু ইয়াৰ অৱস্থা তাৎক্ষণিকভাৱে জানিব পৰা যোৱা নাই । কাৰণ ঘটনাৰ সময়ত অসামৰিক কৰ্তৃপক্ষ সেই স্থানত উপস্থিত নাছিল । এই ক্ষেত্ৰত আকস্মিকভাৱে হোৱা মৃত্যুৰ খবৰ পোৱা গৈছে । আনহাতে, মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে এখন চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি এজন আৰক্ষী বিষয়াই জানিবলৈ দিয়ে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.