গোলাঘাটত নাহৰফুটুকীৰ আক্ৰমণত আহত বৃদ্ধ

By

Published : Sep 9, 2022, 10:04 AM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

গোলাঘাটত নাহৰফুটুকীৰ আতংক (Leopard scare in Golaghat)। মুৰফুলনীত নাহৰফুটুকীৰ আক্ৰমণত আহত এজন বৃদ্ধ । আঘাতপ্ৰাপ্ত বৃদ্ধগৰাকী গগণ শইকীয়া বুলি জানিব পৰা গৈছে । এই ঘটনাই সমগ্ৰ অঞ্চলতে আতংকৰ সৃষ্টি কৰিছে । বগীজানৰ পৰা ঘৰলৈ স্কুটীৰে আহি থকা অৱস্থাতে বৃদ্ধগৰাকীক নাহৰফুটুকীয়ে আক্ৰমণ কৰে (Leopard attacked man in Golaghat)। উল্লেখ্য যে থুৰামুখ বগীজান সংযোগী পথৰ বিজুলী বনাঞ্চলৰ মাজত পথৰ কাষত জোপ লৈ থকা নাহৰফুটুকীটোৱে আক্ৰমণ কৰে বৃদ্ধগৰাকীক । স্কুটীৰে আহি থকা অৱস্থাত তেওঁৰ গাৰ ওপৰত জপিয়াই পৰে নাহৰফুটুকীটো । এই ঘটনাত হাত আৰু ভৰিত আঘাত পায় বৃদ্ধগৰাকীয়ে (Old man injured in leopard attack)। লগে লগে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় বৃদ্ধগৰাকীক ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.