Cab Drivers Protest: প্ৰতিষ্ঠানৰ শোষণ-লুণ্ঠনৰ বিৰুদ্ধে কেব চালকৰ প্ৰতিবাদ

By

Published : Nov 5, 2022, 7:20 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

thumbnail

অ’লা-উবেৰ প্ৰতিষ্ঠানৰ শোষণ আৰু লুণ্ঠনৰ বিৰুদ্ধে গুৱাহাটীত পুনৰ প্ৰতিবাদত নামিল কেব চালকসকল (Cab drivers protest in Guwahati) । শনিবাৰে মহানগৰীৰ মঠঘড়ীয়াস্থিত উবেৰৰ কাৰ্যালয়ৰ সন্মুখত অ’লা-উবেৰ কৰ্তৃপক্ষৰ মইমতালিৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰা কেব চালকসকলে হাতে হাতে বেনাৰ আৰু প’ষ্টাৰ লৈ ন্যায়ৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । অ’লা-উবেৰ কৰ্তৃপক্ষই বিনা কাৰণত হঠাৎ ১৫০০ কেব চালকৰ একাউণ্ট বন্ধ কৰাক লৈ প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰেই চালকসকলৰ ওপৰত চলোৱা শোষণ নীতি বন্ধ কৰা আৰু বন্ধ একাউণ্টসমূহ খুলি দিয়াৰ বাবে কৰ্তৃপক্ষক দাবী জনায় (Ola Uber drivers protest in Guwahati) । এই প্ৰতিবাদত অংশগ্ৰহণ কৰি সদৌ অসম কেব মজদুৰ সংঘৰ (All Assam Cab Driver's Union) উপ-সভাপতি জয়ন্ত হাজৰিকাই চৰকাৰ তথা পৰিবহন বিভাগৰ লগত অ'লা-উবেৰ কৰ্তৃপক্ষৰ মাজত গোপন বুজাবুজি থকা বাবে কেব চালকসকলে দীৰ্ঘদিন ধৰি শোষণ আৰু বঞ্চনাৰ সন্মুখীন হৈ অহা বুলি অভিযোগ তোলে ৷ লগতে অ’লা-উবেৰ কৰ্তৃপক্ষৰ চূড়ান্ত মইমতালিৰ বাবে বহু কেব চালকে আত্মহত্যাৰ দৰে পথো বাছি ল’বলগীয়া হৈছে বুলি তেওঁ ব্যক্ত কৰে । বহিৰাগত এনে প্ৰতিষ্ঠানৰ এইধৰণৰ দপদপনি বন্ধ কৰাৰ বাবে ৰাজ্য চৰকাৰে চালকসকলৰ বাবে নতুনকৈ এপ মুকলি কৰি দিয়াৰ বাবে আহ্বান জনায় ।

Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.