National Martyrs Day of Moran community: সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত জাতীয় শ্বহীদ দিৱস পালন

By

Published : Mar 3, 2023, 1:49 PM IST

thumbnail

তিনিচুকীয়া,৩ মাৰ্চ: অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী হৈছে মৰাণ জনগোষ্ঠী । অতীজৰে পৰা এই জনগোষ্ঠীটোৱে ৰাজনৈতিক বা অৰ্থনৈতিক ফালৰ পৰা বঞ্চিত-শোষিত-নিষ্পেষিত হৈ অহা পৰিলক্ষিত হৈ আহিছে । সেয়েহে মৰাণ সকলে নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ হেতু বিভিন্ন পন্থা অৱলম্বনৰ জৰিয়তে গণতান্ত্ৰিকভাৱে বহু সংগ্ৰামৰ পথত বহু তেজৰ বিনিময় কৰি আহিছে । তাৰ সমান্তৰালভাৱে মৰাণসকলৰ জন্মগত অধিকাৰ জনজাতিকৰণ (Tribalization of The Maran Community) আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন নিজৰ প্ৰাপ্য বিচাৰি যুগ যুগ ধৰি বিভিন্ন সময়ত বিভিন্ন প্ৰান্তত আন্দোলন আদি দৰে কাৰ্যসূচী গ্ৰহণ কৰি আহিছে(Sixth Schedule to the Maran community) । 

ঠিক তেনেদৰে যোৱা ২০১০ চনত তিনিচুকীয়াৰ পৰা ৰাজ্যৰ ৰাজধানী দিছপুৰলৈ যোৱা বৃহৎ মটৰচাইকেল ৰেলীৰ মাজতে সংঘটিত এটা পথ দুৰ্ঘটনাত বিনন্দ মৰাণ নামৰ এজন সংগ্ৰামী ছাত্ৰ নেতাই নিজৰ জীৱন হেৰুৱাব লগা হৈছিল(All Moran Students Union) । নিজৰ জাতিৰ হকে প্ৰাণ হেৰুৱাব লগা ছাত্ৰ নেতাজনক সুঁৱৰি বিগত কেইবা বছৰ ধৰি ২ মাৰ্চৰ দিনটো সদৌ মৰাণ ছাত্ৰ সন্থাই জাতীয় শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে (National Martyrs Day of Moran community) । 

প্ৰতি বছৰৰ দৰে এই বছৰো সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জাতীয় মহিলা পৰিষদ, সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ সহযোগত সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাকুম আঞ্চলিক সমিতি আৰু ডিমৰুহোলা জ্যোতিৰ্ময় যুৱক সংঘৰ আতিথ্যত এদিনীয়া বিস্তৃত কাৰ্যসূচীৰে তিনিচুকীয়াৰ মাকুম ডিমৰুহোলা ৰাজহুৱা প্ৰেক্ষাগৃহত মৰাণ জাতীয় শ্বহীদ দিৱস পালন কৰা হয় ।

লগতে এই অনুষ্ঠানতে শ্বহীদ বিনন্দ মৰাণৰ সৈতে একেটা পথ দুৰ্ঘটনাত পতিত হৈ পংগুত্ব জীৱন কটোৱা সতীৰ্থ শান্তনু মৰাণলৈ "জাতীয় শ্বহীদ বিনন্দ মৰাণ সতীৰ্থ বঁটা” প্ৰদান কৰা হয় । কাৰ্যসূচী অনুসৰি শ্বহীদৰ সমাধিত মাল্যাৰ্পণ, পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, শ্বহীদৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণকে আদি কৰি ধৰ্মীয় ৰীতি-নীতিৰে কায্যসূচী ৰূপায়ণৰ লগতে ভকত বৃন্দৰ দ্বাৰা নাম প্ৰসঙ্গৰে আৰম্ভ হয় উক্ত অনুষ্ঠানটি ।

এই অনুষ্ঠানত সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি নৱ মৰাণকে প্ৰমুখ্যে কৰি অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বড়া, সাধাৰণ সম্পাদক বিতুপন মৰাণকে ধৰি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল, অসম চৰকাৰৰ ৰাজ্যিক যুৱ আয়োগৰ উপাধ্যক্ষ তথা সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি অৰুণজ্যোতি মৰাণৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা ৰাইজ উপস্থিত থাকে । 

লগতে পঢ়ক: Hath se Hath jodo yatra at Rangia: ৰঙিয়া কংগ্ৰেছৰ উদ্যোগত হাত সে হাত জোড়ো যাত্ৰা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.