Gamocha burn in Lakhimpur : গামোচা জ্বলাই আটক হ’ল নাৰায়ণপুৰৰ পঞ্চায়ত সচিব

By

Published : Apr 7, 2023, 9:18 PM IST

thumbnail

বিহপুৰীয়া, 7 এপ্ৰিল : পুনৰ অসমীয়াৰ স্বভিমান গামোচাক অপমান । লখিমপুৰ জিলাৰ দক্ষিণ নাৰায়ণপুৰ গাঁও পঞ্চায়তৰ সচিবে কাৰ্যালয়তে জ্বলাই দিলে অসমীয়াৰ স্বাভিমান গামোচা (Narayanpur Panchayat Secretary burn Gamocha) ৷ অভিযুক্ত সচিবগৰাকীৰ নাম বীৰধন পাতিৰ ৷ অসমীয়াৰ স্বাভিমান গামোচা জ্বলাৱোৰ সমগ্ৰ ঘটনা দৃশ্যাংশ বন্দী হৈছে এজন লোকৰ ম’বাইল কেমেৰাত ৷ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ ৷

বিৱৰণি অনুসৰি, শুকুৰবাৰে পঞ্চায়ত কাৰ্যালয়টোত চলি আছিল এখন অন্তোদয়া আঁচনিৰ সভা ৷ এই সভাখন চলি থকাৰ মাজতে সচিব বীৰধন পাতিৰে নিজ কক্ষৰ ভিতৰৰ পৰা এখন গামোচা লৈ আহে ৷ তাৰ পাচত সেই গামোচাখন কাৰ্যালয়ৰ বাহিৰৰ এটা জাৱৰৰ ড’মত জ্বলাই দিয়ে ৷ পঞ্চায়ত সচিবগৰাকীয়ে গামোচা জ্বলাই দিয়াৰ সমগ্ৰ দৃশ্যাংশ ভাইৰেল হোৱাৰ পাচতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

তাৰ পাচতে AASU আৰু AJYCP একাংশ নেতা কৰ্মীয়ে ঘটনা সন্দৰ্ভত খবৰ দিয়ে নাৰায়ণপুৰ আৰক্ষীক ৷ ঘটনাৰ খবৰ লাভ কৰিয়েই উক্ত স্থানত আৰক্ষী উপস্থিত হৈ সোধ-পোছ কৰাৰ অন্তত আটক কৰে অভিযুক্ত পঞ্চায়ত সচিব বীৰধন পাতিৰক (Gamocha burn in Lakhimpur)৷

আনহাতে, সংবাদ মাধ্যমৰ আগত অভিযুক্ত সচিবগৰাকীয়ে গামোচা জ্বলোৱা কথা স্বীকাৰ কৰে ৷ তেওঁ কয় যে কাৰ্যালয়টোত বহু বস্তু নিগনিয়ে কুটি পেলাইছে ৷ উক্ত গামোচাখনো নিগনিয়ে নষ্ট কৰাৰ বাবে সেইখন জ্বলাই দিয়া হৈছে ৷

লগতে পঢ়ক : Kaziranga Elephant Festival 2023 : কাজিৰঙাত গজ‌ উৎসৱ মুকলি কৰিলে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.