Amrit Kalash Yatra : অমৃত কলহ কঢ়িওৱা নাৰীক অপমান ! ফেচবুক একাউন্টৰ নামত থানাত পৰিল এজাহাৰ

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 5:27 PM IST

thumbnail

নলবাৰী, 04 অক্টোবৰ: অমৃত কলহক লৈ এতিয়া সৰ্বত্ৰে হুৱাদুৱা ৷ কোনোৱে প্ৰধানমন্ত্ৰীৰ নিৰ্দেশনা নতশিৰে মানিছে, কোনোৱে সামাজিক মাধ্যমত অমৃত আৰু কলহক লৈ তাচ্ছিল্য কৰি সময় পাৰ কৰিছে ৷ সামাজিক মাধ্যমত তাচ্ছিল্য তথা অপমানজনক মন্তব্য কৰাসকলৰ ওপৰতো তীক্ষ্ণ নজৰ ৰাখিছে একাংশই ৷ তেনে পৰিস্থিতিৰ সন্মুখীন হৈয়েই মহিলা মৰ্চাৰ ৰোষত পৰিছে সুভাষ ডেকা নামৰ এটা ফেচবুক একাউণ্ট ৷ অমৃত কলহ কাৰ্যসূচীত অংশগ্ৰহণ কৰা মহিলাসকলক লৈ অশালীন মন্তব্য কৰাৰ অভিযোগত ফেচবুক একাউণ্টটোৰ বিৰুদ্ধে নলবাৰী জিলাৰ তিনিখনকৈ আৰক্ষী থানাত পৰিল এজাহাৰ ৷ সেই অনুসৰি মুকালমুৱা থানাতো এজাহাৰ দাখিল কৰে ভাৰতীয় জনতা পাৰ্টীৰ মহিলা মৰ্চাই ৷ অভিযোগ অনুসৰি সুভাষ ডেকা নামৰ ফেচবুক একাউন্টটোৰ পৰা মহিলাসকলক লৈ অশালীন মন্তব্য কৰা হৈছে ৷ ইয়াৰ উচিত তদন্ত কৰিবলৈ বুধবাৰে মুকালমুৱা আৰক্ষী থানাত ভাৰতীয় জনতা পাৰ্টীৰ বৰক্ষেত্ৰী আৰু বৰভাগ মণ্ডল মহিলা মৰ্চাই এখন এজাহাৰ দাখিল কৰে ৷

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.