Congress Press Meet in Nalbari:ঘগ্ৰাপাৰৰ ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ

By

Published : Jun 30, 2023, 9:45 PM IST

thumbnail

নলবাৰী,30জুন: নলবাৰীৰ ৰাজীৱ ভৱনত জিলা কংগ্ৰেছ সভাপতিৰ সংবাদমেল । সমস্যা জৰ্জৰ নলবাৰী চহৰ আৰু ঘগ্ৰাপাৰ থানাৰ ভিতৰত কিশোৰী নিৰ্যাতনৰ সন্দৰ্ভত সংবাদমেল আয়োজন কৰে নলবাৰী জিলা কংগ্ৰেছে ৷ সংবাদমেল সম্বোধন কৰে জিলা কংগ্ৰেছ সমিতিৰ সভাপতি ৰাতুল পাটোৱাৰীয়ে ৷ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভিতৰত আৰক্ষীয়ে কিশোৰীক নিৰ্যাতন চলোৱা ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰাৰ লগতে ৰাজ্যৰ গৃহবিভাগক কঠোৰ ভাষাৰে সমলোচনা কৰে পাটোৱাৰীয়ে ।  

আনহাতে চৰকাৰী ধনেৰে বিজেপি কাৰ্যালয় উদ্বোধন আৰু নলবাৰীত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীয়ে উৰণীয়া সেতু উদ্ধোধন কৰি ধন অপচয় কৰিব বিচৰা কাৰ্যক গৰিহণা দিয়ে নলবাৰী জিলা কংগ্ৰেছ সমিতিৰ সভাপতিগৰাকীয়ে । নলবাৰী চহৰৰ কৃত্ৰিম বানপানী আৰু নলা নিৰ্মাণৰ বিসংগতিৰ সন্দৰ্ভতো কঠোৰ সমালোচনা কৰে চৰকাৰক। সংবাদ মেলত উপস্থিত থাকে জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি হালৈ আৰু কংগ্ৰেছৰ দলৰ আইটি চেলৰ কৰ্মী উদ্দীপন পাটোৱাৰী ৷

লগতে পঢ়ক:Congress Protest in Barpeta:মুখ্যমন্ত্ৰীক জিন্নাৰ সৈতে তুলনা কংগ্ৰেছ সাংসদৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.