Deadbody recovered: কলিয়াবৰত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ

By

Published : Mar 10, 2023, 2:13 PM IST

thumbnail

কলিয়াবৰ,১০ মাৰ্চ: কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা । ৰহস্যজনকভাৱে এটা মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ(Mysteriously Deadbody recovered in Kaliabor) । শুই থকা অৱস্থাত শিলঘাটৰ তাৰমনা বস্তিত ৰহস‍্যজনক অৱস্থাত বিচনাতে উদ্ধাৰ কৰা হয় ৰৌশ্বন শেখ নামৰ লোকজনৰ মৃতদেহ  । জানিব পৰা মতে, নিজৰ ঘৰৰ বিচনাতে উদ্ধাৰ কৰা হয় মৃতদেহটো(Deadbody recovered) । 

ঘটনাস্থলীত স্থানীয় আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ চমজি লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰাৰ লগতে তদন্ত আৰম্ভ কৰে । স্থানীয় ৰাইজে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে(Local people suspect murder) । মৰণোত্তৰ পৰীক্ষাৰ পাছতহে এইয়া হত্যা নে সাধাৰণ মৃত্যুৰ ঘটনা এই কথা পোহৰলৈ আহিব । ইফালে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলতে চেপা উত্তেজনাই বিৰাজ কৰিছে । 

লগতে পঢ়ক: Baresaharia Bhaona Mahotsav 2023 : সামৰণি পৰিল বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.