Flood in Rangia: বাঢ়নী পানীয়ে উটুৱাই নিলে মটৰচাইকেল

By

Published : Jun 23, 2023, 2:01 PM IST

thumbnail

ৰঙিয়া,২৩জুন: ৰাজ্যৰ চৌদিশে বানৰ তাণ্ডৱ । বানৰ ফলত নাজল-নাথল অৱস্থাৰ সৃষ্টি হৈছে ৰাজ্যৰ সৰ্বসাধাৰণ ৰাইজৰ । ৰঙিয়াতো বানে সৃষ্টি কৰিছে বিভীষিকাময় পৰিস্থিতিৰ । বৰলীয়া নৈৰ বানে তাণ্ডৱৰ সৃষ্টি কৰিছে ৰঙিয়াত । বৰলীয়া নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে ৰঙিয়া-বিহাপাৰা সংযোগী পথ । বিপদসংকুলভাৱে যাত্ৰী সকলে যাতায়ত কৰিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছে ৰঙিয়াত ।

ইয়াৰ মাজতে বুধবাৰে এগৰাকী যুৱকৰ এখন মটৰচাইকেল উটুৱাই নিয়ে বাঢ়নী পানীয়ে । দাঁতিত সুৰক্ষাৰ বাবে পুতি থোৱা বাঁহত ধৰি যুৱকজনে কোনোমতে প্ৰাণ ৰক্ষা কৰে যদিও গাড়ীখন পানীত বহুদুৰলৈ উটি যায় । সৌভাগ্যক্ৰমে ওচৰতে থকা স্থানীয় কেইজনমান যুৱকে তৎপৰতাৰে বাইকখন উদ্ধাৰ কৰে । এই সমস্ত ঘটনা ঘটনাস্থলীত উপস্থিত থকা এজন লোকৰ মোবাইলৰ কেমেৰাত বন্দী হয় আৰু বৰ্তমান ছ'ছিয়েল মিডিয়াযোগে ভাইৰেল হৈ পৰিছে এই দৃশ্য । 

লগতে পঢ়ক: Flood in Nalbari: বাঢ়নী পানীত পৰি মৃত্যু এজনৰ, নিখোজ আন এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.