AASU Bihu at Morigaon: মৰিগাঁৱত আছুৰ মুকলি বিহু আয়োজন

By

Published : Apr 16, 2023, 9:07 AM IST

thumbnail

মৰিগাঁও, 16 এপ্ৰিল: পহিলা ব'হাগৰ দিনাই উখল-মাখল হৈ পৰিল মৰিগাঁও স্কুল খেলপথাৰ ৷ বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো পহিলা ব'হাগৰ দিনাই মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হ'ল মুকলি বিহু ৷ মুকলি বিহু উদ্ধোধন কৰে মৰিগাঁও জিলা উপায়ুক্ত দেৱাশীষ শৰ্মাই (Morigaon AASU celebrates Bihu) ৷  

মুকলি বিহুত অংশগ্ৰহণ কৰি মৰিগাঁও জিলা আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে এই ব’হাগে নতুন আশা কঢ়িয়াই আনক বুলি মন্তব্য কৰে ৷ আনহাতে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল কুমাৰ শৰ্মাই মুকলি বিহুত উপস্থিত থাকি আগন্তুক দিনত অসমীয়া সমাজৰ অভিভাৱকত্ব আশা কৰে বুলি মন্তব্য কৰে (AASU Bihu at Morigaon) ৷  

এই মুকলি বিহুৰ উদ্ধোধনী অনুষ্ঠানত মৰিগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰা, মৰিগাঁও জিলা সাংবাদিক সন্থাৰ সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, অসম উন্নতি সভাৰ সম্পাদক অতনু শৰ্মা, অসম সেনাৰ মুখ্য সংগঠক হিমাংশু মহন্ত, সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ, সম্পাদক ৰূপজ্যোতি মেধি, বিশিষ্ট অভিনেতা অজয় ডেকা, ৰাতুল ভূঞা, মনোজ্যোস্না বসুমতাৰীৰ লগতে বিশিষ্ট চিত্ৰ শিল্পী ৰাজু দাসৰ লগতে মৰিগাঁৱৰ সমাজ জীৱনৰ লগত জড়িত বহুকেইগৰাকী আগশাৰীৰ ব্যক্তি, বিহু বিশেষজ্ঞ উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.