দিন দুপৰতে এজনৰ পৰা লুটিলে প্ৰায় ৫০ হাজাৰ টকা

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 7:34 PM IST

thumbnail

গোলাঘাট, 11 ডিচেম্বৰ : গোলাঘাট জিলাত বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস ৷ এইবাৰ চোৰৰ চুৰি কৰাৰ কৌশল বান্দৰ কেঁকোৱা ৷ সোমবাৰে গোলাঘাট নগৰৰ মাজমজিয়াতে এগৰাকী বৃদ্ধৰ শৰীৰত বান্দৰ কেঁকোৱা সানি চোৰে লুটি নিলে প্ৰায় 50 হাজাৰ টকা ৷  

গোলাঘাট নগৰৰ বাটা পইন্টত এগৰাকী বৃদ্ধ লোকে প্ৰধানমন্ত্ৰী আৱাস যোঁজনাৰ গৃহ নিৰ্মাণৰ ধন বেংকৰ পৰা উলিয়াই লৈ আহি থাকোঁতেই হঠাৎ বৃদ্ধৰ গাত বান্দৰ কেঁকোৱা লগাই দিয়াত তেওঁৰ গাটো খজুৱাবলৈ ধৰে ৷ লোকজনে গাটো খজুৱাবলৈ হাতৰ পৰা বেগটো মাটিত থৈ দিয়াত চোৰে পইচাখিনি লৈ উধাও হয় ৷ এই ঘটনাৰ পিচতে এতিয়া মূৰে কঁপালে হাত দিছে লোকজনে ৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত গোলাঘাট সদৰ আৰক্ষী থানাত লিখিত অভিযোগ দাখিল কৰিছে ভুক্তভোগীগৰাকীয়ে ।

লগতে পঢ়ক: লক্ষীপুৰ আঙটিহাৰা মছজিদ ৰক্ষাৰ বাবে সমূহীয়া প্ৰাৰ্থনা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.