কিনকিনীয়া বৰষুণক নেওচি নাহৰকটীয়াত আৰম্ভ খেল মহাৰণ

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 10:01 AM IST

thumbnail

ডিব্ৰুগড়, 9 ডিচেম্বৰ : ৰাজ্যৰ প্ৰতিটো সমষ্টিতে এতিয়া আৰম্ভ হৈছে খেল মহাৰণ । খেল মহাৰণক লৈ প্ৰতিভাৱান খেলুৱৈসকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে । কিনকিনীয়া বৰষুণৰ মাজতেই শুকুবাৰে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হয় ৰাজ্যৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতা খেল মহাৰণ 2023 । নাহৰকটীয়া সমষ্টি ভিত্তিত অনুষ্ঠিত এই খেল মহাৰণ 2023 ৰ শুভাৰম্ভ কৰে নাহৰকটীয়া সমষ্টিৰ বিধায়ক তৰংগ গগৈয়ে ।

নাহৰকটীয়া সমষ্টিৰ 14 খন পঞ্চায়তৰ কেবাশতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বিধায়ক তৰংগ গগৈয়ে খেল মহাৰণৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা পিচতেই অনুষ্ঠিত হয় বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী। নাহৰকটীয়া সমষ্টিৰ নামৰূপ, জয়পুৰ আদি অঞ্চলৰ খেলপথাৰত অনুষ্ঠিত হ'বলগা সমষ্টি ভিত্তিত এই খেলমহাৰণৰ বিভিন্ন প্ৰতিযোগিতা অহা 17 ডিচেম্বৰত নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত সামৰণি পৰিব ।

শুকুবাৰে নাহৰকটীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে চক্ৰ বিষয়া শৰৎ গগৈ, জয়পুৰ খণ্ড উন্নয়ন বিষয়া ৰণজিৎ বুঢ়াগোহাঁই, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিষয়া কৰ্মচাৰী তচেন বৰা, জ্যেষ্ঠ ক্ৰীড়াবিদ আৰু প্ৰতিটো পঞ্চায়তৰ পৰা অহা জনপ্ৰতিনিধিৰ লগতে খেলুৱৈসকল । 

লগতে পঢ়ক : প্ৰতিভা বিকাশৰ সুন্দৰ মঞ্চ: খেল মহাৰণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.