Constituency delimitation: বৰাক বন্ধত সকলোকে যোগদানৰ আহ্বান বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ

By

Published : Jun 25, 2023, 10:48 PM IST

thumbnail

কৰিমগঞ্জ, 25 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ বৰাক উপত্যকাত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ ৷ খচৰাত বৰাক উপত্যকাত মাত্ৰ দুটা বিধানসভা সমষ্টি প্ৰদান কৰাৰ বাবে নিৰ্বাচন আয়োগৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে বৰাকৰ কংগ্ৰেছ, এ আই ডি এফ, তৃণমূলকে ধৰি বিভিন্ন দল-সংগঠনে ৷  

দেওবাৰে এই সন্দৰ্ভত আলোচনাৰ বাবে AIUDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই শিলচৰত সাক্ষাৎ কৰে অসম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তথা বৰাকৰ বুদ্ধিজীৱী তপোধীৰ ভট্টাচাৰ্যৰ লগতে বঙালী নেতা সাধন পুৰাকায়স্থক ৷ লগতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷  

বৈঠকৰ অন্তত কৰিমউদ্দিন বৰভূঞাই কাছাৰ বিজেপিকো বৰাক বন্ধত যোগদান কৰাৰ আহ্বান জনায় ৷ সকলোৰে ৰাজনীতিৰ উৰ্ধলৈ আহি যুঁজ দিয়াৰ আহ্বান জনোৱাৰ লগতে এতিয়া অধিকাৰ সাব্যস্ত কৰাৰ সময় বুলি মন্তব্য কৰে ৷ একে সময়তে উদ্দিন বাৰাভূঞাই বৰাকৰ দুই সাংসদ কৃপানাথ মাল্লা, ৰাজদ্বীপ ৰায়, আৰু বৰাকৰ সকলো বিধায়কক একত্ৰিত হৈ আন্দোলনত যোগদান কৰিবলৈ আহ্বান জনায় ৷

লগতে পঢ়ক: Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণে সম-উন্নয়ন কৰিব; ৰূপজ্য়োতি কুৰ্মী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.