Akhil Gogoi: হেলিকপ্টাৰৰ বাবদ মুখ্যমন্ত্রীৰ ব্যয়ক লৈ সৰৱ বিধায়ক অখিল গগৈ

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 10:12 PM IST

thumbnail

গুৱাহাটী,১৩ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰৰ ব্যয়ক লৈ বুধবাৰে বিধানসভা চৌহদত সৰৱ হৈ পৰে বিধায়ক অখিল গগৈ । সংবাদ মাধ্যমৰ আগত তেওঁ অসমখন কোনফালে গৈছে বুলি উল্লেখ কৰি কয় যে অসমৰ মুখ্যমন্ত্রীয়ে এদিনত হেলিকপ্টাৰৰ ভাৰা দিয়ে ৯ লাখ ৩৫ হাজাৰ ১৮৪ টকা । 

২০২২-২৩ বৰ্ষত মুখ্যমন্ত্রীৰ হেলিকপ্টাৰ ভাৰাৰ বাবদ ব্যয় হ'ল ৩৪ কোটি ১৩ লাখ ৪২ হাজাৰ ৩০৩ টকা । হেলিকপ্টাৰ লৈ মুখ্যমন্ত্রী ক’ত ক’ত গ’ল তাৰ তথ্য দাঙি ধৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে হেলিকপ্টাৰ ভাৰা লৈ ওচৰৰে ক্ষেত্রীত বিয়া খাবলৈ গ’ল । তদুপৰি হেলিকপ্টাৰ ভাৰা লৈ মুখ্যমন্ত্রীয়ে নিজৰ কাঞ্চনজুৰি চাহ বাগিচালৈ পৰিয়ালসহ গ’ল । 

থাওৰা আৰু মৰিয়নিত উপ-নিৰ্বাচনত খেলিবলৈ হেলিকপ্টাৰ লৈ গ’ল । আনহাতে চাৰ্টাড ফ্লাইট ভাৰা লৈ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গ’ল মুখ্যমন্ত্রী । নিয়ম মতে উপ-নিৰ্বাচন ভংগ হ'ব লাগে বুলি সদৰী কৰি তেওঁ কয় যে মুখ্যমন্ত্রীয়ে উপ-নিৰ্বাচনত চৰকাৰী টকা ব্যয় কৰিছে । 

মুখ্যমন্ত্রীক কটাক্ষ কৰি তেওঁ কয় যে যিখন ৰাজ্যত মুখ্যমন্ত্রীয়ে দৈনিক প্ৰায় ৯.৫ লাখ টকা কেৱল হেলিকপ্টাৰত ব্যয় কৰে সেইখন ৰাজ্যৰ এটা পৰিয়ালক মাহটোৰ বাবে দিয়া হয় মাত্র ১২৫০ টকা ।

লগতে পঢ়ক: Riniki Bhuyan Sarma land scam: হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে চিবিআই-ইডিৰ তদন্তৰ দাবী আপৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.