ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ পানীখাইটিত নিখোজ স্কুলীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

By

Published : Aug 22, 2022, 1:07 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

মহানগৰীৰ নিকটৱৰ্তী পানীখাইটিৰ তামোলবাৰীত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ নিখোজ হৈছিল এজন স্কুলীয়া ছাত্ৰ (Youth Missing while bathing in Brahmaputra river) ৷ সোমবাৰে পুৱাৰ ভাগত স্থানীয় একাংশ লোকে ব্ৰহ্মপুত্ৰৰ পানীত উপঙি থকা অৱস্থাত নয়ন ব্ৰহ্ম নামৰ ছাত্ৰজনৰ মৃতদেহটো প্ৰতক্ষ কৰি আৰক্ষীক খবৰ দিয়ে (Body rescued in Brahmaputra river) ৷ কিছুসময়ৰ পিছত ঘটনাস্থলীত প্ৰাগজ্যোতিষপুৰ আৰু পানিখাইটিৰ আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ছাত্ৰজনৰ মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পিছত উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ উল্লেখ্য যে দেওবাৰে পানীখাইটিৰ তামোলবাৰীত ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ নিখোজ হৈ আছিল নয়ন ৷ নিখোজ ছাত্ৰজনৰ সন্ধান বিচাৰি দেওবাৰে এছ ডি আৰ এফ (SDRF)বাহিনীয়ে লুইতৰ বুকুত প্ৰায় 5 ঘণ্টা জোৰা অভিযান চলাইছিল ৷ পানীখাইটিৰ শ্বহীদ কুশল কোঁৱৰ বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ (Class 7th student) নয়নৰ পিতৃ কৰ্মসূত্ৰে পৰিয়ালসহিতে পানীখাইটিত থাকে যদিও প্ৰকৃত ঘৰ কোকৰাঝাৰ জিলাৰ বাছবাৰীত ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.