Miscreants pour poison into pond: পুখুৰীত বিহ ঢালি কেইবা কুইন্টল মাছ নিধন দুষ্ট চক্ৰৰ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 9:02 PM IST

thumbnail

বৰপেটাৰোড, 15 নৱেম্বৰ : সৰভোগৰ জামাদাৰবড়ীত চাঞ্চল্যকৰ ঘটনা ৷ এটা পুখুৰীত দুষ্ট চক্ৰই বিহ ঢালি নিধন কৰিলে মাছ ৷ অসহায় হৈ পৰিছে মীন পালক ছাবিৰুল ইছলাম নামৰ যুৱকজন ৷

ঘটনা অনুসৰি, বিগত কেইবা বছৰ ধৰি মীন পালনেৰে পৰিয়াল পোহপাল দি আছিল জামাদাৰবড়ী গাঁৱৰ যুৱক ছাবিৰুল ইছলামে ৷ কিন্তু মঙলবাৰে নিশা দুৰ্বৃত্তই পুখুৰীত ঢালিলে বিহ ৷ যাৰ ফলত পুখুৰীৰ মাছ মৰি যায় ৷ ইতিমধ্য ঘটনাৰ সন্দৰ্ভত ভুক্তভোগ যুৱক ইছলামে সৰভোগ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷

ভক্তভোগী যুৱক ইছলামে কয়, ‘‘মাছ নিবলৈ বহুত মানুহ আহি থাকে ৷ তাৰ মাজতে কোনো দুষ্ট চক্ৰই পুখুৰীত বিহ ঢালি দিলে ৷ পূৰ্বেও এবাৰ এনে ঘটনা হৈছিল ৷ আৰক্ষীৰ কাষ চাপিছিলো যদিও কোনো সুফল নাপালো ৷ প্ৰায় 5 পৰা 7 লাখ টকাৰ মাছ পুখুৰীত এৰিছিলো ৷ সেই মাছ এতিয়া পুখুৰীত ওপঙি আছে ৷’’

লগতে পঢ়ক:BJP member detained: সৰভোগত আছু সদস্যক মাৰপিট কৰাৰ অভিযোগত বিজেপি নেত্ৰীক আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.